পৃষ্ঠা:জ্ঞান-মালা.djvu/১৩

এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে
জ্ঞানমালা।

নহলে আন উপায়েৰে তোমাৰ প্ৰাণবধ কৰিলে হেতেন। যদিও মানুহক দেখোঁতে মেকুৰিৰ দৰে তিমান ভয় লগা নহয় তথাপি সিহতঁ মেকুৰিৰ নিচিনাই আমাৰ শত্ৰু।”

 এই সাধুটোৰ পৰা আমি ইয়াকে শিক্ষা পাওঁ যে জ্ঞানী মানুহৰ পৰামৰ্শ নোলোৱাকৈ কোনো কাম কৰা উচিত নহয়। তেওঁ বিলাকৰ অবাধ্য হই কোনো কাম কৰিলে শেষত আমি ঠেকত পৰিব লাগে।



অহঙ্কাৰী হোৱা উচিত নহয়।

 কোনো হাবিত এক সিংহই নিজানত সুখেৰে শুই আছিল। এনেতে শত্ৰুৰ খেদাত তত নেপাই এটা নিগনিয়ে তাৰ গাৰ ওপৰেদি পলাব ধৰোঁতে সি সাৰ পাই তাক খামুচি ধৰিলে। টোপনিৰ পৰা জগোৱাৰ খঙ্গত সিংহই তাৰ প্ৰাণবধ কৰিবলৈ ওলালত নিগনিটোৱে কাবৌ কৰি এই দৰে কব ধৰিলে “হে পশুৰাজ আপোনাৰ নামেই আপোনাৰ স্বভাবৰ চিনাকি দিছে। এতেকে মোৰ নিচিনা ক্ষুদ্ৰ প্ৰাণী এটা বধ কৰি আপোনাৰ নাম কলঙ্কিত নকৰিব। যদি আপুনি দয়া কৰি