পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

সভাপতিৰ একাষাৰ

 ইং ১৯৫৪ চনতে আমাৰ শিক্ষাগুৰু চলচলিৰ প্ৰয়াত জগত চন্দ্ৰ শৰ্মাদেৱে পঢ়ুৱৈ তথা লিখকৰ চক্ৰ এটি, মুখ্যতঃ শিক্ষকবৃন্দৰ মাজতে গঢ় দি ইং ১৯৫৮ চন পৰ্য্যন্ত জীয়াই ৰাখিছিল, তেখেত নগাঁও কলেজত অধ্যাপনাৰ সুবিধা লভি স্থানান্তৰিত হোৱাত ধাৰাটিত যতি পৰে। তেওঁৰ মনন চিন্তন অধ্যয়নৰ উক্ত ধাৰা সৃষ্টি কৰি অঞ্চলত নতুন দিগন্তৰ সূচনা কৰা হেতু পুৰণিগুদাম সাহিত্য সভাই পৰম শ্ৰদ্ধাৰে তেখেতক পুৰণিগুদাম শাখা সাহিত্য সভাৰ পথিকৃত বুলি স্বীকাৰ কৰি আহিছে আৰু শ্ৰদ্ধাৰে সোঁৱৰণ কৰি থকা হৈছে।

 অসম সাহিত্য সভাৰ সংবিধান প্ৰদত্ত ক্ষমতাৰ আধাৰত বৰ্ত্তমানৰ শাখা সভাখন ইং ১৯৭২ চনৰ ফেব্ৰুৱাৰী মাহত জন্ম হোৱাৰে পৰা ভিন্নজনে সভাপতি সম্পাদকৰ সেৱা আগবঢ়াই নিজ নিজ যোগ্যতা প্ৰকাশ কৰি আমাক প্ৰেৰণা নিদিয়া হ'লে আজি শতদল শাখা সাহিত্য সভাৰ গৌৰবেৰে আমি গৌৰবান্বিত হ’ব নোৱাৰিলোঁহেতেন। সি সকলৰ ভালেকেইজনে এই ধৰা ধাম ত্যাগ কৰিছে, বাকীসকলে এই পৰ্য্যন্ত আমাক প্ৰেৰণা মণ্ডিত কৰি সাহিত্যৰ পথাৰখনত বাট বুলিবলৈ সাহস আৰু শকতিৰ যোগান ধৰি উৎসাহিত কৰিছে, সি সকলৰ প্ৰতি এই চেগতে আমি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

 পুৰণিগুদাম শতদল শাখা সাহিত্য সভাই অঞ্চলৰ নবীন-প্ৰবীন লেখক- লেখিকাৰ ৰচনা ৰাজিক গ্ৰন্থৰ আকাৰত ছপাই পঢ়ুৱৈৰ হাতত তুলি ধৰিবলৈ প্ৰয়াস কৰিছে: অঞ্চলৰ গাঁৱে ভূঞে প্ৰতিভা সিঁচৰিত হৈ আছে, আমি বুটলিব পৰা নাছিলোঁ; সৌভাগ্য যে কেইজনমান লেখক-লেখিকাই নিজ ৰচনা ৰাজিক সাকাৰ ৰূপ দিয়াৰ পৰিকল্পনাত পুৰণিগুদাম শতদল শাখা সাহিত্য সভাক সহযোগ কৰাত