পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৫৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

কেৰ্কেটুৱা আৰু নেউলৰ কাহিনী

 এসময়ত সৌ কন্দলী পাহাৰটোৰ সিপাৰে এটা নিজৰা বৈ গৈছিল। নিজৰাটোৰ কাষতে এখন গাঁও আছিল। সেই গাঁওখন তামোল নাৰিকলৰে ভৰপুৰ আছিল। সেই গাঁওখনত এটা কেৰ্কেটুৱাই বাস কৰিছিল। সি কুৰিয়ে কুৰিয়ে তামোল, নাৰিকল খাবলৈ পাই নোদোকা হৈ পৰিছিল।

 সেই গাঁওখনৰ প্ৰতিঘৰ গৃহস্থৰ মনত বৰ দুখ। ইমানবোৰ তামোল গছ থকাৰ পিছতো তামোল কিনি খাব লাগে। কাৰণ তামোলবোৰৰ ফুল সামৰিবলৈকে নাপায়, ইফালে কেৰ্কেটুৱাই তহিলং কৰেই। বিহু, সভাতো নাৰিকল কিনি আনিব লাগে। নাৰিকলবোৰো ডাঙৰ হ'বলৈকে নাপায়, কলিতে খাই পেলায়। এই কেৰ্কেটুৱাবোৰৰ কাৰণে গাঁৱৰ মানুহবোৰৰ সহ্য সীমা পাৰ হ'ল আৰু ইয়াক কেনেকৈ মাৰিব পাৰে তাৰে উপায় উলিয়াবলৈ ধৰিলে। কিন্তু সিহঁত যিহে চতুৰ ইজোপা গছৰ পৰা সিজোপা গছলৈ জাপ মাৰি মাৰি সাৰি যায়।

 এদিন এটা নেউল ক'ৰবাৰ পৰা সেই গাওঁখনলৈ আহিল। নেউল আৰু কেৰ্কেটুৱা দেখাত একেই। এটাই মাথোন পাৰ্থক্য, নেউল ওপৰলৈ

জোনবাইৰ দেশৰ সাধু
৫২