পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৪৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সুবিধা পোৱাহেঁতেন হয়তু ভাল ফলাফল দেখুৱাব পাৰিলেহেঁতেন। সি দুখীয়া মাক দেউতাকক পোহপাল দিবৰ কাৰণে প্ৰায়ে হাবিলৈ যায় আৰু তাৰ পৰা খৰি লুৰি আনি বজাৰত বিক্ৰি কলে। তাৰ পৰা যি পইচা পায় তাৰে দুবেলা দুমুঠি খায়।

 আন এদিনৰ কথা। সেইদিনা আছিল ৰবিবাৰ। ৰাতিপুৱা চকু হাল মোহাৰিয়েই সি দা এখন লৈ চিধাই হাবিলৈ গ'ল তাৰু এজোপা জোপোহা গছ দেখিবলৈ পালে। সি মনতে ভাবিলে, এই গছজোপাৰ পৰা দুডালমান ডাল কাটি নিব পাৰিলে দুপইচা পোৱা যায়। সেইহে গছজোপাৰ ওপৰলৈ সি উঠি গ'ল আৰু এটা ফেৰেঙনিত দুয়োটা ভৰি ওলোমাই বহি আপোন মনে ডাল কাটিবলৈ ধৰিলে। এইদৰে সি মনৰ স্ফূৰ্তিৰে ডাল কাটি আছে। এনেতে এডাল মস্ত অজগৰ সাপ ক'ৰবাৰ পৰা আহি গছজোপাৰ ওচৰ পালেহি। সি গমেই নাপালে সাপডাল দীঘলে ৭ ফুট মান হ’ব। সাপডালে দেখিলে এটা ল'ৰাৰ ঠেং এখন গছজোপাৰ ফেৰেঙণিৰ সোঁ ফালে ওলমি আছে। তাৰ বৰ লোভ লাগিল। ইফালে দুই তিনিদিন সি একো খাব পৰা নাই। এইবুলি মুখখন মেলি সাপডাল ৰমেনৰ সোঁ ভৰিখন অলপ অলপকৈ গিলি খাবলৈ ধৰিলে। কাৰণ অজগৰে জীৱ জন্তু গোটে গোটে গিলি খায়, চোৱাই খাব নোৱাৰে। ৰমেনৰ প্ৰথমতে ভৰিটো অলপ অলপ গধুৰ গধুৰ লাগিছিল।

জোনবাইৰ দেশৰ সাধু
৪৩