পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৪৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

অজগৰ আৰু ৰমেনৰ কাহিনী

 তাহানিতে নগাঁও জিলাৰ পুৰণিগুদাম অঞ্চলৰ এখন ভিতৰুৱা গাঁৱত এটা অতি সহজ-সৰল ল'ৰাই বাস কৰিছিল। ল'ৰাটোৰ নাম ৰমেন। সৰুৰে পৰা সি বৰ সাহসী। কোনো কথালৈ সি ভয় নকৰে। ৰাতি ঘোপ পৰা আন্ধাৰতো সি মোনাটো লৈ দোকানলৈ ওলাই যায়। সি সৰুৰে পৰা বৰ কষ্টত ডাঙৰ দীঘল হৈছে। তাৰ মাক দেউতাক বেমাৰী। কেৱল বিচনাতে পৰি থাকে। সি মাক দেউতাকক সহায় কৰি ভাল পায়। সেৱা শুশ্ৰুষা কৰে। যিমান পাৰে মনত সুখ দিবলৈ চায়। তাৰ মাজতে বিদ্যালয়লৈ যায়। এদিন যায় যদি দুদিন নাযায়। এনেকৈয়ে তাৰ দিন চলি আছে। শিক্ষক সকলেও তাৰ অৱস্থাটো দেখি টানি নধৰে। পঢ়া শুনাতো সি বিশেষ বেয়া নহয়। ভাল

জোনবাইৰ দেশৰ সাধু
৪২