পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৩৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

মৰমীয়াল ল’ৰাটো

 এসময়ত পবিতৰা অভয়াৰণ্যৰ কিছু নিলগত এখন গাঁও আছিল। সেই গাঁৱত টুবলু নামৰ এটা ল’ৰাই বাস কৰিছিল। সি অষ্টম শ্ৰেণীত পঢ়ে। তাৰ কথা বতৰা, আচাৰ ব্যৱহাৰ বৰ ভাল। সেয়ে সকলোৱে তাক মৰম কৰে। কেৱল যে আচাৰ-ব্যৱহাৰ হে ভাল এনে নহয়, টুবলুৱে গছ গছনি জীৱ-জন্তুক বৰ ভাল পাইছিল। সি বনৰীয়া কুকুৰ মেকুৰীকো নিজৰ ভাগৰে এগৰাহ খুৱাইছিল।

 আন এদিনৰ কথা। সেই অভয়াৰণ্যৰ এজনী হাতীয়ে এদিন এটা কণমানি পোৱালি লগত লৈ হাবিৰ পৰা ওলাই আহিছিল। হঠাতে হাতীজনীৰ পানী পিয়াহ লাগিব। পানী বিচাৰি বিচাৰি তাই দূৰৈত এটা পুখুৰী দেখা পালে। আঘোণ মাহ। পুখুৰীটোত পানী অলপ মানহে আছিল। এইদৰে হাতী জনীয়ে শুঁৰডালেৰে পানী খাই আছে। এনেতে অকণমানি পোৱালিটো কেনেকৈ বোকাত সোমাল, মাকজনীয়ে ততেই নাপালে। মাকে পোৱালিটো ওপৰলৈ উঠাবলৈ বাৰে বাৰে চেষ্টা কৰে। কিন্তু নোৱাৰে। ইফালে পোৱালিটো উঠিব নোৱাৰি ধৰ্‌ফ্‌ৰাই আছে। কি কৰিব একো উৱাদিহ নাপাই মাকজনীয়ে অৱশেষত আটাহপাৰিবলৈ ধৰিলে। হাতীজনীৰ চিঞৰ টুবলুৰ কাণত পৰিল। লগে লগে সি ক’ত কি হৈছে বুলি দৌৰিবলৈ ধৰিলে। অলপ দূৰৈৰ পৰাই সি

জোনবাইৰ দেশৰ সাধু
৩৮