পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/৩৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাছ ধৰি ধৰি তাৰ খালৈত নধৰা হৈছে। কিমান যে তাৰ স্ফুৰ্তি। তাৰ পিছত তাই তুলসী গছ দেখা পালে। আৰু এটা আচৰিত কথা যে তুলসী জোপাৰ তলত এটা ধুনীয়া হৰিণা পহু আপোন মনে চৰি ফুৰিছে। তাই ভাবিলে ধনু কাঁড় লৈ পহুটো মাৰিব নেকি? আকৌ ভাবিলে নাই নাই ইমান ধুনীয়া জন্তুটো, ইমান নিৰ্ভয় মনে ঘুৰি ফুৰিছে ইয়াক মাৰিলে অন্যায় হ’ব। তেতিয়া তাইৰ কাতি বিহুত তুলসী তলত গোৱা গীত ফাঁকিলৈ মনত পৰিল—

“তুলসীৰ তলে, মৃগ পহু চৰে
ঐ ৰাম গোঁসায়ে হৰ ধনু ধৰে”।

 এইদৰে পহু চিকাৰ কৰা কথা বাদ দি গৈ আছে গৈ আছে তাইৰ পিছত এখন শিলৰ সাঁকো দেখা পালে। শিলবোৰৰ মাজে মাজে মণি মুকুতাবোৰ তিৰ্‌বিৰাই জিলিকি আছে। তাই মণি মুকুতাবোৰ এটা এটাকৈ বুটলিবলৈ ধৰোতেই ঘৰৰ মেকুৰীজনীয়ে মেও মেও কৰিলে। সাৰ পাই তাই কান্দিবলৈ ধৰিলে “মই মণি-মুকুতা এটায়ো আনিব নোৱাৰিলো। ”

জোনবাইৰ দেশৰ সাধু
৩৩