পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰাম ৰাম খহুলী ভেকুলীক
ৰাম ৰাম নোৱাইছে ধুৱাইছে
হৰি মোৰ ঐ আনন্দে নধৰে হিয়া হে।
 ৰাম ৰাম ৰঙতে খহুলী
ৰাম ৰাম জপিয়াই ফুৰিছে
হৰি মোৰ ঐ কইনা হ’বলৈ পা-ই-হে।

 আকৌ পানী তুলিবলৈ যাওঁতে জীয়ৰী বোৱাৰীয়ে গাইছে

ফুল চন্দন তুলসী
ভৰিল কি নভৰিল
খুহুলী মাকৰ কলচী।
দাদাই পাৰি দিয়া খাও হে
ফুল চন্দন তুলসী
ভৰিল নে নভৰিল
কহুলী (কন্যাৰ) মাকৰ কলচী॥
গা-ধুই উঠিয়েই........
খহুলী ভেকুলী......
ঐ ৰাম কি সাজ পিন্ধিব পায় হে.....
গাতে শুকুৱা মুঠিতে লুকুৱা ঐ ৰাম
সেই সাজ পিন্ধিব পায় হে

 বিয়া নামৰ সুৰ শুনি ভেঁকুলী দুটা জাপ মাৰি যাবই খোজে। এটা গৈ কোনোবা খিনি পালেগৈ। আকৌ তাক ধৰি অনা হ'ল আৰু হোমৰ গুৰিত বহুৱাই দিয়া হ’ল। আম খৰিৰ ধোঁৱাত থাকিব নোৱাৰি ভেঁকুলীজনীয়ে কে-কো, কে-কো বুলি টোৰটোৰাবলৈ ধৰিলে। তাৰ পিছত ভেঁকোলাটোৱে কে-কো, কে-কো বুলি তাল ফাল লগাবলৈ ধৰিলে। ইফালে হোমৰ ধোঁৱাৰে গোটেইখন ছানি ধৰিলে। এটা সময়ত এনেকৈ টোৰ-টোৰালে যে কাৰো মাত কোনেও নুশুনা হ’ল। ইফালে বিয়া নামৰ জাউৰিত ডেকা-বুঢ়াও সাৰি যোৱা নাই। পানী তুলিবলৈ গৈ দৰা মাক আৰু কইনাৰ মাকে ওৰাই-ঘুৰাই নাছিলে। কোনোবাই আকৌ ভগা টিং বজালে। বিয়াৰ ৰভাতলি উদুলি মুদুলি। কোমল চাউল, ম'হৰ এঠা দৈৰ সৈতে সকলোৱে আনন্দৰে খালে।

জোনবাইৰ দেশৰ সাধু
২৫