পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/১৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

এটা সপোনৰ কাহিনী

 আজিৰ পৰা অলপ দিনৰ আগতে নগাঁও জিলাৰ পুৰণিগুদামৰপৰা কিছু নিলগত কলং সুঁতিৰ পাৰত এখন বৰ ধুনীয়া গাঁও আছিল। গাঁওখন চাৰিওফালে গছ-গছনিৰে ভৰা। নানা তৰহৰ ফলমূল শাক-পাচলি পোৱা যায়। সেই গাঁওখনত দীপু নামৰ এটা বৰ দুখীয়া ল'ৰা আছিল। সৰুতেই তাৰ মাক ঢুকাল। দেউতাকে দিনৰ দিনটো হাজিৰা কৰি যি পইচা পায় তাৰে যেনে তেনে এসাঁজ খাই জীয়াই আছে। সি পঢ়াশালিলৈ কেতিয়াবা যায় আৰু কেতিয়াবা কাম বেছি থাকিলে নাযায়। কাৰণ মাক নথকাৰ বাবে ঘৰৰ কাম বন সিয়েই কৰিব লাগে।

জোনবাইৰ দেশৰ সাধু
১৭