পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/১৪

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

ৰবিবাৰ। শোৱাৰপৰা উঠি সি ভাবিলে আজি দেউতাকক কিছু সহায় কৰিব। সেই কাৰণে দেউতাকলৈ মাকে বান্ধি দিয়া চাহ জলপান লৈ পথাৰলৈ গ'ল। গৰমৰ দিন। সি খোজ কাঢ়ি গৈ আছে। খোজ কাঢ়ি কাঢ়ি তাৰ বৰ ভাগৰ লাগিল আৰু পথৰ দাঁতিত থকা তেঁতেলী গছ এজোপাৰ তলতে অলপ জিৰণি ল'লে। এইদৰে গাৰ ঘাম মচি মচি সি তেঁতেলী জোপাতে আউজি দিলে। এনেতে গছ জোপাৰ পৰা এটা ক'লা দীঘল ঠেঙীয়া ভূত জপং জপং কৈ তাৰ ফালে অহা দেখিবলৈ পালে। ভূতটোৰ চকু কেইটা টেলেকা, ওঁঠ যুৰি চিকটিকীয়া ৰঙা। ৰাজুৰ অলপ ভয় লাগিছে যদিও সি ভয় দেখুৱা নাই। ভূতটো লাহে লাহে ওচৰ চাপি আহি তাৰ হাতৰ জলপানৰ টোপোলাটো লৈ গ'ল। তাৰ পিছত ৰাজুৱে এটা ঘোচা মাৰি ভূতটোৰ পৰা একে আঁজোৰে জলপানৰ টোপোলাটো কাঢ়ি আনিলে। তাত গছৰ শুকান পাত গোটাই লৈ হাতত থকা মেচৰ কাঠি এটা মাৰি দিলে। লগে লগে জুইকুৰা দপ্‌দপকৈ জ্বলি উঠিল আৰু জুইৰ কাষে কাষে সি চিঞৰি চিঞৰি ভগৱানৰ নাম ল’বলৈ ধৰিলে। কাৰণ ভগবানলৈ ভূতে ভয় কৰে। লগে লগে ভূতটো পলাই পত্ৰং মাৰিলে।

 তাৰ পিছত সি দেউতাকৰ ওচৰলৈ চিধাই লৰ মাৰিলে। সি যেন তাৰ জীৱটো কোনোমতে লৈ দেউতাকৰ ওচৰ পালেহি। সি ফোপাই ফোঁপাই থকা দেখি দেউতাকে তাক তাৰ কাৰণ সোধাত সি কেনেকৈ ভূতৰ হাতৰ পৰা সাৰি আহিল সকলো কথা ৱিৱৰি ক'লে। দেউতাকে তাৰ বুদ্ধিমান আৰু সাহসী মনটোক প্ৰশংসা কৰিলে। পিছদিনা সেই কথাটো বায়ু বেগে গৈ ৰাজুহঁতৰ পঢ়াশালীতো ওলাল আৰু তাৰ এনে সাহসীকতাৰ কাৰণে প্ৰধান শিক্ষকে তাক প্ৰশংসা কৰাৰ লগতে বঁটা বিতৰণী সভাত তাক সাহসীকতাৰ পুৰস্কাৰ প্ৰদান কৰিলে। সঁচাকৈ ৰাজুৰ দৰে সাহসী, ধৈৰ্য্য আৰু বুদ্ধিমান ল’ৰা খুব কম। এই কথাটো পিছদিনা চাৰিওফালে ৰৈ-বৈ গ'ল।

সঁচাকৈ মনৰ জোৰহে আচল কথা। সাহসী লোকক
 কোনো ভূত প্ৰেতে পাব নোৱাৰে।

জোনবাইৰ দেশৰ সাধু
১৩