পৃষ্ঠা:জোনবাইৰ দেশৰ সাধু.pdf/১২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

পিছত আনন্দত আত্মহাৰা হৈ পৰিল। তাই মাথোন দৌৰিছে দৌৰিছে কালৈকো কোনো ভ্ৰুক্ষেপ কৰা নাই। অবশেষত দৌৰি দৌৰি কুকিৰ ওচৰ পালেগৈ। কুকীয়ে হেৰুৱা মিলিজনীক লগ পাই মনত বৰ ৰং পালে। মুখতে

মুখ লগাই দুয়োয়ে দুয়োৰ মৰম কৰিবলৈ ধৰিলে।

 এই দৃশ্য কুকিৰ মাহীমাকে অলপ দূৰৈৰ পৰা লক্ষ্য কৰিলে। সঁচাকৈ এটা সামান্য মেকুৰীয়ে তেওঁৰ চকু মুকলি কৰি দিলে। তেওঁ মনতে ভাবিলে এটা অকণমান মেকুৰীয়ে যদি এজনে সিজনক মৰম লগাব পাৰে তেন্তে তেওঁ মানুহ হৈ কিয় আজি এই মৰম লগা অকণমানী ছোৱালীজনীক মৰম কৰিব পৰা নাই। ছিঃ বৰ বেয়া কথা হৈছে। সেই দিন ধৰি মাহীমাকৰ মনৰ পৰা বেয়া ভাৱবোৰ দূৰ হ’ল আৰু কুকিক মৰম কৰিবলৈ ধৰিলে। এনেকৈয়ে কুকিহঁতৰ আটাইকেইটা প্ৰাণীয়ে সুখেৰে বাস কৰিবলৈ ল'লে।

আচলতে হিংসাই কেতিয়াও শান্তি আনিব নোৱাৰে।

জোনবাইৰ দেশৰ সাধু
১১