পৃষ্ঠা:জেম্‌চেদজী টাটা.pdf/১৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
জেম্‌ছেদজী টাটা
 


 অলপ দিনৰ ভিতৰতেই টাটাই হুন্দৰকৈ বুজিপালে যে বোম্বে নগৰত এটা কাপোৰৰ কল চলালে বহুত ধন লাভ কৰিব পৰা যাব৷ তেওঁ নিজেই এটা কল চলাবলৈ মন কৰিলে। কিন্তু তেওঁ কোনো কামকেই নিজে ভালদৰে নজনাকৈ হাতত নলয়। কাপোৰৰ কলৰ বিষয়ে শিকিবৰ কাৰণে তেওঁ ইংলণ্ডৰ মান্‌চেষ্টাৰ নগৰলৈ যাত্ৰা কৰিলে৷ নজন| নুবুজাকৈ কোনো কামকেই হাতত লব নাপায়। উধা-সুধাকৈ কাৰবাৰ কৰিলে, লাভ কৰা দূৰৈৰ কথা, মূলৰো হাতা-হাতিহে হয়।