প্ৰস্তাৱটোৰপৰাহে তেওঁৰ দেখা আৰু শুনা অনুভূতি ঘূৰি আহিছে। তেতিয়া বাদ্যৰ ধ্বনিয়ে তেওঁৰ মন সচকিত কৰিলে আৰু তেওঁ আগত দেখা পালে হাঁহিভৰা ধুনীয়া এখনি মুখেৰে এজনী ছোৱালী।
তেওঁ দোধোৰমোধোৰ অৱস্থাত পৰি ক'লে,—“মই নাচিব নোৱাৰিম।” লগেলগে তেওঁ চকিৰপৰা উঠি তাইৰ কাষচাপি গ'ল। সেই গোটেই সন্ধ্যা চমভে টাটয়ানাৰ সৈতে নাচিলে। যেতিয়া অতিথিসকল যাবলৈ ওলাল আৰু অতিথি-সেৱিকাই টাটয়ানাক বহুদূৰ ৰাস্তা আকলে যোৱাতকৈ ৰাতিটো তাতে কটাবলৈ অনুৰোধ কৰিলে, তেতিয়া তাই স্পষ্টভাবে চমভৰফালে দৃষ্টিপাত কৰি ক'লে,—“চাওঁক, তেখেতে মোক ঘৰত থৈ আহিব।”
চমভ আৰু টাটায়ানা কিছুদূৰগৈ ঘৰ পালেগৈ আৰু বিদায়ৰ আগে আগে তাই চমভক ক'লে, “আপুনি কিছু ধীৰ আৰু লাজুক, তথাপি আপোনাক মই পুনৰ লগ পাম।”
চমভ খোজকাঢ়িয়েই ঘৰ পালেহি। বৰফ পৰিছে! ৰাস্তাবোৰ পৰিস্কাৰ আৰু বগা হৈ আছে।
প্ৰথমেই চমভে ভাবিছিল যে, তেওঁ টাটয়ানাৰ লগ লোৱাত ইৰিনাৰ আগত কোনো পাপ কৰা হোৱা নাই। সেই আনন্দমুখৰ, বুদ্ধিমতী ছোৱালীজনীৰ লগত সময় কটাবলৈ তেওঁ ভাল পায়; কিন্তু তেওঁ ভবাই নাছিল যে, সাংঘাটিক কোনো ঘটনা ইয়াৰ পৰিণামস্বৰূপ হব পাৰে। অতি সোনকালেই টাটয়ানাই চমভৰ সকলোবিলাক ভাব এনেদৰে অধিকাৰ কৰিলে যে, তেওঁ ইৰিনালৈ চিঠি লিখিবলৈও সময় নপোৱা হ'ল। তেওঁ কেৱল অনুতপ্ত হৈ তাইৰ কথাই ভাবিবলৈ ধৰিলে। চমভে কেতিয়াবা টাটয়ানাক দেখা নকৰিবলৈ সঙ্কল্প কৰে কিন্তু তাই নিজেই আহি তেওঁৰ আগত উপস্থিত হয় আৰু তেতিয়া তেওঁ সকলো পাহৰি যায়।
অৱশেষত চমভে এই কথাটো মুক্তভাবে ইৰিনাৰ সৈতে মীমাংসা কৰিবৰ কাৰণে কুইৰিচেভলৈ গ’ল। টাটায়ানাই ষ্টেচনত তেওঁক আগবঢ়াই থলেগৈ। এইটো স্পষ্ট যে, চমভ যি কামত কুইৰিচেভলৈ গৈছে, তাই তাত ভয় খাইছে।
কোনো খা-খবৰ নিদিয়াকৈ তেওঁ কুইৰিচেভ পালেহি। “কিয় ইমান মনোকষ্ট দিয়ে? আজি প্ৰায় ছমাহ কোনো খবৰেই নাই আৰু অহাও নাই। ভিতৰত বহকগৈ। ইয়ুৰিক, দেউতা আহিছে”, ইৰিনাই ব্যস্ত হৈ ক'লে।
চমভ ভিতৰলৈ গ'ল আৰু ইয়ুৰিকক মজিয়াৰ দলিচাৰ ওপৰত খেলি থকা দেখিলে। দেউতাকক দেখি সি ওচৰ পালেহি।
ইয়ুৰিকে দেউতাকৰ অনুতপ্ত গালত চুমা খাই ক'লে,—“দেউতা আপুনি ইমানদিন কলৈ গৈছিল?” তেতিয়া সি দেউতাকে কিনি অনা পুতলাটো এহাতে লৈ আৰু অন্যহাতে দেউতাকৰ হাতত ধৰি দুৱাৰমুখলৈ টানি নিলে। ঘৰৰ ওচৰৰে এখন পথাৰত কেইটামান ল'ৰাই খেলি আছিল। ইয়ুৰাই তাত উপস্থিত হৈ চিঞৰি ক'লে,-“আমাৰ দেউতা আহিছে, দেউতা আহিছে; চোঁৱা।