পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৯১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১০৯
মোৰ মানসী প্ৰিয়া

লোভনীয় খাদ্য বস্তুৰে ভৰি আছিল। —তাৰ পৰা ওলোৱা গৰম ধোৱাঁ বিলাক আঁকাই-পকাই গৈ ওপৰৰ চালত নাইকিয়া হৈ গৈছিল। জুহালৰ ওচৰৰ কাঠৰ সৰু চকি খনত এটা মেকুৰী নিশ্চিন্ত মনে শুই আছিল। মানুহৰ নামত আমি দুজনৰ বাহিৰে কোনো নাছিল। কোঠাটো নীৰৱ আৰু শান্ত।

 মোক বহিবলৈ কৈ তাই ওচৰৰ কোঠাটোলৈ গ'ল। কেৰেক্ কৈ দুৱাৰ জপোৱাৰ শব্দ মোৰ কাণত পৰিল। মই তাইৰ কাৰণে ৰৈ আছিলো অকলে বহুত সময়। যেতিয়া এলিচৰ কোনো সাৰ শব্দ নাপাই মই দুৱাৰ খোলোঁ তেতিয়া মই নিজক এখন আচৰিত ৰকমৰ কবৰ স্থানত এলিচ্ এলিচ্ কৈ ঘূৰি ফুৰা দেখা পালোঁ। ৰান্ধনি বেলিৰ পোহৰ পৰি স্মৃতিস্তম্ভ বিলাক জিলিকি উঠিছিল। লগে লগে সন্ধ্যা নামিছিল –গতিকে মই কেনিও বাট নোপোৱা হলোঁ।

 তাৰ পাছত মই সাৰ পালোঁ। তেতিয়া মই মোৰ ফিলাডেলফিয়াৰ বিছনাত। মোৰ বয়স তেতিয়া সোতৰ নহয় উনৈশ।

 দহ বছৰৰ পাছৰ কথা। তাইক আকৌ লগ পালো। মোৰ সেই একেই সোতৰ বছৰ আৰু তাইৰ পোন্ধৰ বছৰ। আমি তেতিয়া মিচিচিপিৰ এখন গহীন বনত। গছলতা বিলাকে বৰফৰ সাজ পিন্ধিছিল। নঙঠা গছ বিলাকৰ ফাকেদি দূৰৈৰ নৈ খন এচতা ৰূপৰ পাত যেন দেখা গৈছিল। মই বননি ডৰাত বহি আছিলো আৰু লাগ-বান্ধ নোহোৱা কথা ভাবিছিলো। ভাই মোৰ ডিঙিত ওলমি সৰু ছোৱালী এজনীৰ দৰে অনৰ্গল কথা কৈ গৈছিল। সময় অপচয় কৰাৰ কথা আমাৰ মনত পৰা নাছিল। অথবা আমি উত্তেজিত হোৱা নাছিলো। সাধাৰণ ভাবেই কটাই দিছিলো সময় বিলাক। তাই মোক জেক্ বুলি মাতিছিল। মই কি বুলিছিলো জানা,—হেলেন; সেই দুটাই আমি বিচাৰি পোৱা ভাল নাম আছিল।

 হাবিৰ মাজে মাজে ফুৰি আমাৰ খুব ভাল লাগিছিল। এই দৰে আমি থাকোতে এটা সৰু বনৰীয়া জুৰীৰ পাৰ পালোহি। তাই মোক কলে—“মোক দাঙি নিয়ানা জেক্। নহলে যে মোৰ ভৰি দুটা তিতিব।”

 মই তাইক হাতত মোৰ টুপীটো দি তাইক দাঙি ললোঁ। সেই দীঘল আবেলিটো, মাইলৰ পাচত মাইল মই তাইক বোকোচাত লৈয়েই কটালো, মোৰ কোনো ভাগৰ লগা নাছিল। এন্ধাৰ হোৱাত লগে লগে আমি এটা পকী ঘৰত সোমাই পৰিলো। সেইটো এলিচৰ ঘৰ।

 মই তাইক সেই দৰেই নি ভিতৰ পোৱালোগৈ। ঘৰৰ সকলোৱে মোক চিনি পাই, আৰু ময়ো সকলোকে চিনি পাওঁ, যদিও তেখেত সকলক মই ইয়াৰ আগতে ক’তো দেখা নাছিলো। এটা নিগ্ৰো লগুৱা সোমাই সি মোৰ কাৰণে কি কৰিব লাগিব সুধিলে, এই প্ৰশ্নত মই অলপো আচৰিত হোৱা নাছিলো, কিন্তু অলপ বিপাঙত পৰিলে, গতিকে পিছত ভাবি-চিন্তি কম বুলি কলো। সি লাহে লাহে কোঠাটোৰ পৰা আঁতৰ হৈ গল। সেই সময়তে কোঠাটোৰ লাইট .