পৰ্ব্বত ভৈয়ামৰ সম্প্ৰীতিৰ পথত—
অসমীয়া ভাষা আৰু অসমীয়া
মহাজাতিৰ অৱদান
শ্ৰীমঞ্জুলা দত্ত (তৃতীয় বাৰ্ষিক : কলা )
যুগ যুগ ধৰি অসমৰ পৰ্ব্বত-ভৈয়ামৰ মাজত এক নিবিড় সম্বন্ধ চলি আহিছে। এই
সম্বন্ধ দেহ আৰু আত্মাৰ সমন্ধৰ দৰেই সত্য। আত্মাৰ অবিহনত দেহ কেতিয়াও তিষ্টি থাকিব
নোৱাৰে—সেইদৰেই অসমৰ পৰ্ব্বত ভৈয়ামৰ এটাক বাদ দি আনটোও পূৰ্ণাঙ্গ হব নোৱাৰে।
সভ্যতাৰ আৰবেৰৰ জলঙাই দি যদি আমি এবাৰ অতীতৰ বুকুলৈ উভতি চাওঁ দেখিম কালিকা
পুৰাণ যোগীনিতন্ত্ৰৰ যুগটো অসমত এই সমন্ধই বিৰাজ কৰিছিল। অৱশ্যে মানুহৰ উলঙ্গ
বৰ্ব্বৰ সভ্যতাই উন্নতিৰ জখলাইদি এখোজ দুখোজকৈ আগবঢ়াৰ লগে লগেই সেই সমন্ধত বেমেজালি
আৰু দুৰ্ব্বলতাৰ ছাঁ পৰিবলৈ ধৰিলে। কিন্তু বিংশ শতাব্দিৰ চৰম সভ্যতাৰ মুখা পিন্ধি আজি
আমি আমাৰ মাজত যি সংঘাট চলাইছো—এই সংঘাটৰ ঢৌ অসমত তেতিয়া উঠাৰ কথা কল্পনাই
কৰা নাছিল। অসমৰ শান্ত ধীৰ আৱহাৱাক তেতিয়াও বিদ্ৰোহৰ ফিৰিঙভিয়ে দাহণ কৰিব
পৰা নাছিল। অসমৰ বুকুৰ পৰা আজি সেই আদৰ্শ হেৰাই যোৱাৰ যো-জা চলিছে। পৰ্ব্বত-ভৈয়ামৰ মাজত আজি সংহতিৰ অভাৱ দেখা গৈছে।
বিংশ শতাব্দিৰ জগতখনে আজি শান্তি-শৃঙ্খলাৰ অনুসন্ধানত আকুল হৈ পৰিছে।
বিজ্ঞানৰ আশ্চৰ্য্য অৱদান সমূহে সমূহ পৃথিবীবাসীক ভয় আৰু আতঙ্কত অতিষ্ট কৰি তুলিছে।
সেয়েহে শান্তি শৃঙ্খলাক বিচাৰি পৃথিবীৰ সমগ্ৰ জাতিয়ে নিজ নিজ জাতীয় বৈশিষ্ট সমূহৰে অৱদান
যোগাবৰ চেষ্টা চলাইছে। বিশ্বৰ এই শান্তিৰ আয়োজনলৈ ভাৰতীয় অৱদান চিৰদিনেই মনত
ৰাখিবলগীয়া। ভাৰতৰ “পঞ্চশীল” নীতিক বিশ্ববাসীয়ে ওলগ জনাইছে। এই ভাৰতৰ পূৰ্ব্ব-
প্ৰান্তৰ অসমেও আপোন বৈশিষ্টৰে ভাৰতীয় আৱদানলৈ সমল যোগাই আহিছে অতীতৰ পৰাই।
অতীতত অসমৰ শান্তি আৰু একতাক মৰম স্নেহৰ যাদুমন্ত্ৰই বান্ধি ৰাখিছিল। অসমক শান্তি আৰু
একতাই কেনে সুদৃঢ় ভেটীত বান্ধি ৰাখিছিল সেই কথাৰ বিচাৰ কৰিবলৈ হলে আজি অসমৰ
সম্প্ৰীতিৰ পথত পৰ্ব্বত-ভৈয়ামবাসী সকলৰ অৱদান সমূহ ফঁহিয়াই চাব লাগিব।
অসমৰ পৰ্ব্বত-ভৈয়ামবাসীৰ সম্প্ৰীতিৰ অৱদান—ৰাজনৈতিক, সামাজিক আৰু অৰ্থ নৈতিক
সকলোক্ষেত্ৰতে পৰিলক্ষিত হৈ আছিল।