পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৭৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জেদ্‌ মাতৃ

ৰচনা—লিন্ উটাঙ

অনুবাদক :—

শ্ৰীযাদব ফুকন, (তৃতীয় বাৰ্ষিক : কলা )

 কিছুমান পাণ্ডুলিপি চোৱাৰহে মোৰ আগ্ৰহ আছিল। মই ‘জেদ্‌মাতৃৰ’ কথা শুনা নাছিলোঁ, কোনেও শুনা নাছিল। কিন্তু মোৰ আজেবাজে প্ৰশ্নবোৰে মই কোনো দিন নুশুনা এটা আশ্চৰ্য্য কাহিনী শুনালে।

 এখন পুৰণা পাণ্ডুলিপি আঙুলিয়াই মই কলো, অৱশ্যে এইটো সঁচা শিল্পীৰ ব্যক্তিত্বৰ অলপ কিবা হলেও তেওঁৰ সৃষ্টিৰ মাজত ৰৈ যায় আৰু তেওঁৰ মৃত্যুৰ পাছতো তেওঁ সেই সৃষ্টিৰ মাজতে জীয়াই থাকে।

 “সঁচাকথা, সৎ আৰু সুন্দৰ যি কোনো বস্তুৱেই জীয়াই থাকে, সঁচাকথা কবলৈ গ’লে ই শিল্পীৰ নিজ সন্তানৰ দৰে।” গবৰ্ণৰজনে কলে।

 “কিন্তু বিশেষকৈ যেতিয়া এজন শিল্পী তেওঁৰ সৃষ্টিৰ বাবে মৰি যায়, আপোনাৰ জেদ্ মাতৃৰ দৰে।” মই ক'লোঁ।

 “সেইটো এটা বিশেষ ধৰণৰ ঘটনা। তেওঁৰ মৃত্যু ঠিক ইয়াৰ কাৰণে হোৱা নাই। তেওঁ সেই দিনা সৃষ্টিৰ কাৰণে মৃত্যু হোৱা নাছিল—কিন্তু এটা কাৰণে মৃত্যু হ'ব লগা হ'ল। শিল্পী জনৰ জীৱনৰ গোটেই ঘটনাৰ বিবৰণৰ পৰা বুজা যায় এই অনুপম সৃষ্টিৰ কাৰণে তেওঁৰ জন্ম হৈছিল কিন্তু মৃত্যুৰ কাৰণে হোৱা নাছিল।”

 “ই নিশ্চয় এক অসাধাৰণ সৃষ্টি হ'ব? চাব পাৰোঁনে?” বহুত চেষ্টাৰ পিছতহে গবৰ্ণৰ জনে মোক দেখুৱাবলৈ মান্তি হ'ল।

 “ইয়াৰ শিল্পীজন কোন”?

 “বাস্তবিকতে পৃথিবীৰ অপৰিচিত চেংপো নামেৰে এটা দুৰ্ভগীয়া।”

 এওঁৰ জীৱনৰ বিষয়ে মই “কক্ক্ৰ” কনভেণ্টৰ বৃদ্ধা সন্ন্যাসিনী গৰাকীৰ পৰা শুনিছিলোঁ। জেদৰ মূৰ্ত্তিটোক চিনি তেওঁক মই ভালেমান মাটি দান দিছিলো।

 “তেওঁৰ চাৰিও ফালে চালে তোমালৈ চাই থকা যেন দেখা পাবা।” গবৰ্ণৰে এনেদৰে ক'লে যেন মূৰ্ত্তিটো জীয়া মানুহহে, সঁচাকৈয়ে মূৰ্ত্তিটোৱে যেন অপলক দৃষ্টিৰে মোক চাই আছে। মই অলপ আমনি পালোঁ।

১৩