পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৭৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৫
শুশ্ৰূষা

 সেই ধৰণেই ভনীটি নিবেদিতাই ইয়াৰ বলতে প্ৰথম মহাসমৰত আধামৰা, আধাজীয়া, নিঃসহায় সৈন্য বিলাকৰ পৰিচৰ্য্যা কৰি জগতৰ মাতৃস্বৰূপা হ'ব পাৰিছিল। ইয়াৰ কাৰণেই “ফ্লৰেন্স নাইটিঙ্গেলৰ’’ অন্তৰত সামান্য কুকুৰ এটিৰ শুশ্ৰূষাৰ পৰা, এই অনুভূতিয়ে এনে বিৰাট আকাৰ ধাৰণ কৰিছিল যে; কেচুৱা ল'ৰাই মাকৰ বাবে যেনেকৈ আকুল ভাবে চাই থাকে, সেই দৰে জাতি-ধৰ্ম্মনিৰ্ব্বিশেষে সকলো আহত ৰুগীয়েই আকুল ভাবে চাই থাকিব লগা হৈছিল। সেই কাৰণে দেখা যায়, যে প্ৰত্যেক সেৱক বা সেৱিকাৰ অন্তৰত নিজৰ প্ৰেমানুভূতি জগাই তুলিবলৈ বিশেষ শিক্ষাৰ প্ৰয়োজন।

 আজিৰ শিক্ষাই আমাৰ মগজুৰ উৎকৰ্ষ সাধন কৰিব পাৰিব সঁচা, কিন্তু অন্তৰৰ এই পবিত্ৰ অনুভূতিৰ বিকাশ সাধন কৰিব নোৱাৰিব। মগজু আৰু অন্তঃকৰণ দুয়োটা বস্তুৰ সংমিশ্ৰনতেই মানুহৰ জীৱন গঢ়ি উঠিছে। গতিকে এই দুয়োটা বস্তুৰ সমানে বৃদ্ধি প্ৰাপ্ত নহ'লে মানুহৰ জীৱন অসম্পূৰ্ণ।


 “আমাৰ ভাষাৰ এতিয়াৰ অৱস্থাৰ লেখকক উৎসাহ দিব লাগে। সময়ে অসময়ে নতুন লেখকৰ লেখাক ভৰিৰে গছকা আলোচনা কৰি নিৰুৎসাহ কৰিব নেলাগে। এতিয়া যি লেখা ওলায় ওলাই থাকক। সময়ত যিবোৰ ভাল সেইবোৰ স্থায়ী হব। যিবোৰ বেয়া নিজেই মৰি যাব। এনে কৰিলেহে পঢ়োতা ৰাইজ ওলাব। আমাৰ যিবিলাক মাহেকীয়া, সাদিনীয়া,পষেকীয়া কাকত পত্ৰ পত্ৰিকা আছে সেইবিলাক কাকতৰ গৰাকী সকলে নতুন লেখকক উৎসাহ দিব লাগে। এই ন ন লেখকসকলেই আমাৰ সাহিত্যৰ ভবিষ্যত ভৰষা। কাকতৰ গৰাকীসকলক মই নত হৈ কওঁ যেন তেওঁলোকে কোনো উঠি অহা সাহিত্যিকক দলিয়াই নেপেলায় তেওঁলোকে যেন বাইৰণৰ হৃদয়স্পৰ্শী কবিতা মনত ৰাখে,যেতিয়া কোনো লেখকৰ লেখা অগ্ৰাহ্য কৰে আৰু কোনো লেখকৰ লেখা গছকি সমালোচনা কৰে।”

—জ্ঞানদাভিৰাম বৰুৱা

( চতুৰ্দ্দশ অধিবেশন, ১৯৩৩ )