ইয়াৰ বাহিৰে স্বাভাৱিক অৱস্থাত স্থায়ী ভাবে কৰিব লগীয়া শুশ্ৰূষাৰ ভিতৰত নিজৰ গাৱত অনাথ ছোৱালী আৰু তিৰোতাৰ কাৰণে আশ্ৰয় আৰু অন্ন বস্ত্ৰৰ সংস্থানৰ চেষ্টা কৰা। অশিক্ষিতৰ মাজত শিক্ষা বিতৰণ কৰা৷ ৰোগীৰ শুশ্ৰূষাৰ বাবে চিকিৎসালয় আৰু চিকিৎসকৰ ব্যৱস্থা কৰা ইত্যাদি। লগে লগে সেই বসন্ত আদি মহামাৰিত জৰ্জ্জৰিত হোৱা সেই গাওঁ খনিৰ প্ৰতি ঘৰতেই উপশমৰ ব্যৱস্থা দি শান্তিৰ কণমান ‘কণা' দিয়াটোত “শুশ্ৰূষা”ৰ ভিতৰতে পৰে।
(৩) ইয়াৰ পাছত আহিল দেশবাসীৰ ‘শুশ্ৰূষা’। আমি অৱশ্যে দেশবাসীৰ শুশ্ৰূষাৰ বহুল বুৰঞ্জী নেপালেও “ভনীটি নিবেদিতাৰ” দেশবাসীৰ শুশ্ৰূষাৰ যি আদৰ্শ দেখিবলৈ পাইছোঁ ই জগতৰ চিৰন্তন বস্তু। সেই দৰে -- "A friend in need is-A friend indeed” এই কথাষাৰে আমাৰ পুৰণি পাঠ্য পুথিত থকা “ফ্লৰেন্স নাইটিঙ্গেল”ৰ সেৱিক জীৱনৰ কথা সোৱঁৰাই দিয়ে। তেওঁ কেনেকৈ ৰাতি যুদ্ধত আহত হোৱা ব্যাধিক্লিষ্টৰ ওচৰে ওচৰে গৈ শুশ্ৰূষা কৰিছিল! তেঁৱেই আছিল “friend of the sick.”। তেওঁৰ আদৰ্শ জগতৰ নাৰী সমূহৰ অনুকৰণীয়।
বানপানী, দুৰ্ভিক্ষ, অনাবৃষ্টি আদিৰ কালত আৰু গৃহহীনক শুশ্ৰূষা কৰা দেশবাসীৰ শুশ্ৰূষাৰ ভিতৰতে পৰে। দুখীয়া বিপদগ্ৰষ্ট মানুহক স্বাস্থ্যকৰ ঠাইৰ পৰা স্বাস্থ্যকৰ ঠাইত থাকিবলৈ সুবিধা দিয়াও শুশ্ৰূষাৰেই এটা অঙ্গস্বৰূপ।
(৪) শেষত আহিল “মানৱ জাতিৰ শুশ্ৰূষা”। ওপৰত উল্লেখ কৰি অহা এখন সমৰত খট্বি খট্ হোৱা প্ৰতিজন দুৰ্ভগীয়াকে জীৱন দান দি মানৱ-জগতৰ মঙ্গল কামনা কৰা, শুশ্ৰূষাৰ ই এটা প্ৰধান অঙ্গ। আনহাতে সমগ্ৰ মানৱ শুশ্ৰূষাই যে মানুহক অমৰত্বলৈ নিব পাৰে, ইয়াৰ জড়িয়তেই যে মানুহ দেৱতুল্য হ'ব পাৰে, তাক বহলাই কোৱা নিষ্প্ৰয়োজন। ইয়াৰ উদাহৰণ স্বৰূপে “The plate of Gold” নামৰ সাধুটো আগবঢ়াব পাৰোঁ। এই সাধুটো অতিৰঞ্জিত হলেও ইয়াৰ সত্যতা আমি নুই কৰিব নোৱাৰো। ইয়াত এজন সৰল খেতিয়কে কেনেকৈ এটা অৱহেলিত ৰোগীক শুশ্ৰূষা কৰি ভগবানৰ “কৃপা-কণা” লাভ কৰিবলৈ সমৰ্থ হৈছিল তাক দেখুৱাইছে।
অৰশেষত আমি চাওঁ—নাৰীৰ লগত “শুশ্ৰূষা’’ৰ সমন্ধ। “নাৰী আৰু শুশ্ৰূষা”, “শুশ্ৰূষা আৰু নাৰী” দুয়োটা ভিন্ন বস্তু হলেও, একেসত্তাতেই লীন। আগতে উনুকিয়াই অহা আদিম নাৰী ঈভ জনীয়েও আমাক তাকেই শিকালে। আজিৰ পৃথিবীত “আদাম-ঈভ” নাই যদিও সিহঁতে ৰুই থৈ যোৱা মানৱ স্বভাৱৰ পুলিটো আজি লহপহীয়া গছ হৈ উঠিছে।
যুদ্ধ বিগ্ৰহ বোৰে পৃথিবীক চিনাকী কৰি দিয়াৰ আগতে শুশ্ৰূষাৰ কাৰণে বেলেগ এটা “শুশ্ৰূষা কাৰী” দল গঠন কৰিছিল নে নাই নাজানো; কিন্তু যুদ্ধ বিগ্ৰহৰ লগত পৰিচিত হোৱাৰ পাছত, “শুশ্ৰূষাকাৰী” দলটোৰ সৃষ্টি হল—যাক আমি “ৰেড ক্ৰচ্ সমিতি” বুলি ক'ব পাৰো। এওঁলোকৰ কাম হ’ল আহত আৰু ৰোগী সকলক শুশ্ৰূষা কৰা, লগতে আন্তৰ্জাতিক সখ্যতা স্থাপন কৰা।