পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
জগন্নাথ বৰুৱা কলেজ আলােচনী

a bitter truth for my artist brethren also. Artists should always remember that they are the Varadaputra of Mata Saraswati, they are heirs of Narada muni who was worshipped by Lord Vishnu and Sankar. We should cultivate such height of character as can be a model for society.Some of us come on the stage after taking some of the intoxicants.Bhagavati Bharati feels shy of such sons. Just as their is a stage etiquette in Europe, similarly Bharata Muni has declared the purity of the Rangamancha. It is a duty of all of us, including the artists and the audience that we donot allow our Rangamancha to be made impure by such people. If necessary, we may boycott them, but never should we create undesirable scene on the stage which may even indirectly pollute our mind and intellect."

 এয়ে আছিল ৰঙ্গমঞ্চৰ বিষয়ে পণ্ডিতজীৰ স্পষ্ট অভিমত। উপৰুক্ত মন্তব্যটোৰ পৰা ওঙ্কাৰনাথজীৰ সঙ্গীতৰ প্ৰতি থকা অপূৰ্ব্ব প্ৰেম আৰু ৰঙ্গমঞ্চৰ প্ৰতি থকা অগাধ ভক্তি আদৰ্শনীয়। উক্ত মন্তব্যটোৱে পণ্ডিতজীৰ অনুগামী সকলক শ্ৰেষ্ঠ শিক্ষা দিব; তেখেতে এই “মাতা সৰস্বতী”ৰ ওপৰত একান্ত বিশ্বাস ৰাখি তেখেতৰ অনুগামী সঙ্গীত-চৰ্চ্চাকাৰী সকলে তেখেতৰ দৰেই সঙ্গীতত ব্যুৎপত্তি লভিব পাৰিব; তাত সন্দেহ নাই। ৰঙ্গমঞ্চলৈ পণ্ডিতজীৰ পবিত্ৰ ভক্তি আছে। তেখেতে বিশ্বাস কৰে, যিটো ৰঙ্গমঞ্চত তেখেতে তেখেতৰ সাধনাৰ দ্বাৰা লাভ কৰা সঙ্গীত প্ৰদৰ্শন কৰিব, সেইটো অকল মঞ্চই নহয়; সেইটো স্বয়ং “ভগৱতী-ভাৰতী’’ক উপাসনা কৰা প্ৰকৃত উপাসকৰ বেদীহে। সেয়েহে যেতিয়া তেখেতে সঙ্গীত প্ৰদৰ্শন কৰিবলৈ মঞ্চলৈ উঠে, তাৰ আগে আগে একান্ত গদ্ গদ্ চিত্তে মঞ্চক প্ৰণিপাত জনায়। এইটো আমি নিজ চকুৰে দেখিবলৈ পাইছিলো। এনে ধৰণৰ পৱিত্ৰ বিশ্বাস থকা কাৰণেই পণ্ডিতজীয়ে এই বৃদ্ধ অৱস্থাটো তেখেতৰ সঙ্গীতৰ অফুৰন্ত সোৱাদেৰে সকলোৰে অন্তৰ জয় কৰিব পাৰিছিল; সকলোকে মোহিত কৰিছিল।

 পণ্ডিতজীয়ে সঙ্গীত সাধনাক জীৱনৰ মহান ব্ৰত হিচাবে লৈছে। সেই কঠোৰ তপস্যাত তেখেতে আজীৱন নিমগ্ন থাকিব। যোৱা বছৰ অসমলৈ আহোতে তেখেতক সাক্ষাৎ কৰা এজন ব্যক্তিৰ পৰা আমি পণ্ডিতজীৰ সঙ্গীতৰ প্ৰতি থকা ভক্তিৰ বিষয়ে জানিব পাৰিছিলো। সাক্ষাৎকাৰীজনে কথা প্ৰথঙ্গত পণ্ডিতজীক সুধিছিল তেখেতে আৰু কিমান দিন সঙ্গীত সাধনা কৰিব। সেই প্ৰশ্নটোৰ উত্তৰত পণ্ডিতজীয়ে হাঁহি এটি মাৰি এইবুলি কৈছিল,-“মোৰ স্পষ্ট ধাৰণা এইটো যে, যি সাধনাৰে মই অগ্ৰসৰ হৈছো, ভগৱানে যি পথৰ পথিক কৰিছে, সেই অৱলম্বনতেই মই সম্ভৱতঃ এই জীৱনতে মুক্তিৰ ফালে আগবাঢ়িছোঁ; মই নেজানো কিয় মোৰ অন্তৰ আত্মাই কয় যে, মোৰ পুনৰ জন্ম নহব। এতিয়ালৈকে মোৰ জীৱন সঞ্চালন