ইংৰাজী ১৮৯৭ চনত এই প্ৰসিদ্ধ সঙ্গীতজ্ঞজনৰ জন্ম হয়। পণ্ডিতজীৰ বংশটোৱেই সঙ্গীতৰ কাৰণে বিখ্যাত; সঙ্গীতত একান্ত বিশ্বাস থকা এটা বংশত জন্মগ্ৰহণ কৰি, এইজন মহাপুৰুষে তেখেতৰ সঙ্গীতৰ সোৱাদ সকলোকে দিছে। তেখেতৰ সংগীত প্ৰেম বংশানুগত। নিচেই সৰু কালৰে পৰা, এই সঙ্গীত-মাৰ্ত্তণ্ডেয় জনে সঙ্গীত সাধনা আৰম্ভ কৰি, আজি পৰ্য্যন্ত এজন প্ৰকৃত সাধক ৰূপে এই সাধনাতে ন্যস্ত আছে। অনুপম তেখেতৰ এই সঙ্গীত চৰ্চ্চা, অতুলনীয় তেখেতৰ আদৰ্শ! তেখেতৰ এই তপস্যা, এই মহান ব্ৰত কেতিয়াবা জানো শেষ হ’ব?
পণ্ডিত ওঙ্কাৰ নাথ ঠাকুৰৰ প্ৰথম সঙ্গীত কলাৰ বিকাশ পায় নেপালৰ ৰাজদৰবাৰত। আজিও সেই দেশৰ জনসাধাৰণে পণ্ডিতজীৰ নাম শুনিলে দূৰৰ পৰাই মূৰ দোৱায়। ইউৰোপৰ ফ্লোৰেন্সত হোৱা আন্তৰ্জাতিক সঙ্গীত সন্মিলনত এইজনা মহান-সঙ্গীতজ্ঞই যোগদান কৰিছিল। সেই আন্তৰ্জাতিক সঙ্গীত-সমাৰোহত, ভাৰতীয় শাস্ত্ৰীয় সঙ্গীতৰ সোৱাদ ইউৰোপীয় সঙ্গীতপ্ৰেমী সকলৰ মাজত বিলাই দি, এই সঙ্গীত-বিদগ্ধ পণ্ডিতজনে, ভাৰতীয় সঙ্গীতৰ এখন উল্লেখযোগ্য আসন বিশ্বৰ দৰবাৰত প্ৰতিস্থিত কৰিলে। উক্ত সন্মিলনত পণ্ডিতজীৰ খ্যাতি অতুলনীয়। ১৯৪৮ চনত শ্ৰীকলা-সঙ্গীত-ভাৰতীৰ আচাৰ্য্য পদ গ্ৰহণ কৰি পণ্ডিতজীয়ে কাশী হিন্দু বিশ্ববিদ্যালয়ৰ পূৰ্ণতাৰ বাবে যথাশক্তি সাহায্য দিয়ে। তেখেতৰ কণ্ঠত যি এবাৰ “যোগী মত যা,” “মৈয়া মেৰী ম্যৈ নাঁহি মাখন খায়ো” ভজন শুনিছে তেওঁ কেতিয়াও পণ্ডিতজীৰ মধুৰ কণ্ঠৰ কথা পাহৰিব নোৱাঁৰে। ইয়াৰ উপৰিও “কন্হৈয়া নাৱ কৰে মেৰি পাৰ” ভজনটিও সঙ্গীত মহামহোদয় জনৰ জনপ্ৰিয় ভজন। তিনিকুৰি বছৰৰ ডেওনা পাৰ হৈ যোৱা এই বৃদ্ধ গায়ক জনে, এই বুঢ়া বয়সতো যি মধুৰ কণ্ঠেৰে তেখেতৰ সঙ্গীত প্ৰদৰ্শন কৰে তাক দেখিলে বিস্ময় মানিব লাগে। যোৱাৰছৰ যোৰহাটত হৈ যোৱা সদৌ অসম সঙ্গীত সন্মিলনত ডিচেম্বৰ মাহৰ ঠেতুৱৈ ধৰা, ওঁঠ কপা জাৰত, পণ্ডিতজীয়ে যেতিয়া তেখেতৰ সঙ্গীতৰ সঁফুৰা মেলি দিছিল তেতিয়া হাজাৰ হাজাৰ দৰ্শকে ভক্তি আৰু বিস্মিত নয়নে সেই বৃদ্ধ জনক চাই মনত অফুৰন্ত আনন্দ লভিছিল।
ভাৰতৰ এই ঋষিতুল্য সঙ্গীতজ্ঞ জন বহুতো সন্মানেৰে বিভূষিত; তেখেত “সঙ্গীত মাৰ্ত্তণ্ডেয়”, “সঙ্গীত সম্ৰাট” আৰু “সঙ্গীত মহামহোদয়” আদি শ্ৰেষ্ঠ উপাধিৰে সকলোৰে জনাজাত। ইয়াৰ উপৰি তেখেতে “পদ্মশ্ৰী’’ সম্মানও লাভ কৰিছে।
ওঙ্কাৰনাথজীৰ সঙ্গীত সাধনাক শ্ৰদ্ধা নকৰাকৈ কোনো সঙ্গীতজ্ঞই থাকিব নোৱাৰে। আজিকালি বহুতো নাম থকা সঙ্গীতজ্ঞই, ৰঙ্গমঞ্চত তেওঁলোকৰ অনুষ্ঠান আগবঢ়োৱাৰ আগতে, সুৰাপান কৰি লোৱা দেখা যায়। এই প্ৰথাটোৱে যে সঙ্গীতৰ প্ৰতি অসম্মান প্ৰদৰ্শন কৰে তাক সঙ্গীত-প্ৰেমী সকলে জানে। ওঙ্কাৰনাথজীয়ে এনে সঙ্গীত শিল্পীক ঘৃণাৰ চকুৰে চাই। সুৰাপান কৰা সঙ্গীতজ্ঞ সকলক ৰঙ্গমঞ্চৰ পবিত্ৰতাৰ কথা সোঁৱৰায় দি পণ্ডিতজীয়ে যোৱা সদৌ অসম সঙ্গীত সন্মিলনৰ সভাপতিৰ ভাষণত তলত দিয়া মন্তব্যটো প্ৰকাশ কৰিছিল—“I wish to speak