বাল্মীকিৰ কথা
[ ৰামায়ণৰ পাতনি ]
অধ্যাপক কিৰণচন্দ্ৰ শৰ্ম্মা
মই যেতিয়ালৈকে ৰত্নাকৰ দস্যু হৈ থাকোঁ, তেতিয়ালৈকে বাল্মীকি হৈ মহাকাব্য ৰচনা কৰিব নোৱাৰোঁ। মোৰ দস্যুতা সকলে পৰিহাৰ কৰি চিৰন্তন পুৰুষস্বৰূপ বিৰাট আনন্দময় ৰূপ স্মৰি বহুদিন ধ্যান কৰি শেহত যেতিয়া মুক্তি পাম, তেতিয়া মোৰ শৰীৰৰ শক্তিসমূহ ক্ষয়প্ৰাপ্ত, কিন্তু অন্তৰাত্মা উঠিব সজাগি তেতিয়াহে মই বাল্মীকি হ’ম। এই কথা মোক সৃষ্টিকৰ্ত্তা ব্ৰহ্মাই কৈছে,ব্ৰহ্মাৰ পুত্ৰ নাৰদে কৈছে। চৰাই-এযোৰৰ এটাৰ মৃত্যুত আনটোৰ দুৰ্গতি দেখি মোৰ অন্তৰ কান্দি উঠিল। তাৰ প্ৰতিবাদকল্পে উচ্চাৰিলোঁ প্ৰথম শ্লোক। জগতৰ সকলো জীৱৰ প্ৰতি দয়া,সমবেদনা আৰু অন্যায়ৰ বিৰুধিতা মোৰ অন্তৰৰ আৱশ্যকীয় সমল। ইয়াৰ অবিহনে মই কবি হব নোৱাৰোঁ। মোৰ শ্লোক আপোনা-আপুনি মুখৰপৰা ওলাল। আগেয়ে মই ভবা নাছিলোঁ এইখিনি শ্লোক উচ্চাৰণ কৰিম বুলি। মই ভাবি-চিন্তি অলঙ্কাৰ প্ৰয়োগ কৰি ছন্দ নিৰূপণ কৰি এই শ্লোক প্ৰকাশ কৰা নাই। মোৰ হৃদয় কাৰেঙৰপৰা কবিতা দেবীয়ে নিজেই সুসজ্জিতা হৈ ওলাই আহিছে। অৱশ্যে ইমানদিনে মই তেওঁৰ ৰূপ কামনা কৰিছিলোঁ। তেওঁক কেনেকৈ জগত-সুন্দৰী কৰি তুলিম তাৰ আন্তৰিক যোজনা কৰিছিলোঁ। তেওঁ তেনেহলে ইমানদিনে মোৰ অন্তৰৰ ছো-ঘৰত প্ৰস্তুত হৈ আছিল। আজি হঠাৎ “নিৰ্ঝৰেৰ স্বপ্নভঙ্গ’’ হ’ল। অন্তৰ আৰু বাহিৰৰ বিশাল বিশ্বৰ প্ৰথম সম্মিলন ঘটিল। মোৰ আজি “হৃদয় গেল খুলি।” এতিয়া এই মুকলি দুৱাৰেদি বিশ্বখন মোৰ ভিতৰলৈ আহে আৰু মোৰ অন্তৰখন বিশ্বলৈ ওলাই যাব পাৰে। কবিতা এই মুকলি দুৱাৰ। এই দুৱাৰত কোনো প্ৰহৰী নাই, ইয়াৰ কাষত কোনো সিংহই গৰ্জ্জন কৰি নাথাকে। ইয়াৰ চৌ কাঠত ‘আমডালি’ লগোৱা আছে, ফুলৰ মালা অঁৰা আছে। কাষত আছে মঙ্গল-ঘট। মঙ্গল-ঘটৰ ওপৰে কাষৰে সুগন্ধি ধূপ জ্বলিছে, ধুনাৰ সুগন্ধে চৌদিশ সুৰভিত কৰিছে। মাটিত অঁকা আছে জোনাকৰ আল্পনা।
এই সুন্দৰৰ ৰাজ্যখনত চৰাই এটাৰ বেজাৰৰ চিঞৰোঁ সত্য নহয়। এই ছন্দতালৰ মধু সমাবেশৰ সঙ্গীত-সভাত বিসদৃশ ধ্বনিৰ ঠাই নাই। ই কবি-শিল্পীৰ কল্পনাৰ সপোন ভাঙি চুৰমাৰ কৰি দিয়ে পলকতে। ইয়াত লাগে লয়, সমন্বয় শান্তিৰ সামঞ্জস্য, লাগে তাল, লাগে ছন্দ, লাগে
১১