পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৫৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮
আত্মনিৰ্ভৰশীলতা

লাখুটি ডালতে দিব্যদৃষ্টি লাভ কৰে। লোকৰ খোজত খোজ দি চলা, চকু থকা লোকেও খোজ কাঢ়ি সুখ নাপায়। খোজ গৈ যে ক’ৰবাত পৰে; নিজৰ ভৰিত ভৰ দি দিয়া খোজ কেইটাই মাটিত একোটা চাব দি থৈ যায়, সি সহজে মচ নাখায়, বাটত কেতিয়াবা পৰুৱাই পালেও নিজৰ সেই যোৱা খোজে আকৌ বাট ধৰাই দিয়ে।

 সাঁতোৰ সাঁতোৰ বাউসি বলে, সাতুৰিব নেজান যা ৰসাতলে- অভিজ্ঞতাৰ অমোঘ বাণী, পেটৰ তলত কলহটো উবুৰিয়াই কিছুদূৰ সাঁতুৰিব পাৰি, কিন্তু কলহটো কেনেবাকৈ ঘূৰি গৈ মুখে দি ভৰ ভৰকৈ পানী সোমালে থিতাতে মৰণ। গতিকে নিজৰ বাউসি মাৰি হাত দুখনেৰে সাঁতোৰ মেলিব পৰাটোহে নিৰাপদৰ কথা। পৃথিৱী যেন একোখন প্ৰকাণ্ড সদাগৰী জাহাজ, বতাহ ধুমুহাত পৰি নিমিষতে সাগৰত অন্তৰ্দ্ধান হয়, কিন্তু নিজৰ হাত ভৰি মাৰি সাঁতুৰিব জনা একোজন লোক তিনি চাৰি দিন সাগৰৰ ওপৰত ওপঙ্গি থাকি উদ্ধাৰ পোৱা দৃষ্টান্ত পোৱা যায়।

 আত্মবিশ্বাসৰ লগত আত্মনিৰ্ভৰশীলতাৰ ঘনিষ্ট সম্বন্ধ। নিজৰ ওপৰত বিশ্বাস থকা লোকে প্ৰতিকূল অৱস্থাৰ ওচৰত আঠু নলৈ, তাক ভৰিৰ সৰুগাঁঠিৰ তলত মোহাৰি পেলাই, আকৌ নিজৰ ভৰিত ভৰ দি থিয় হয়, খোজ চলাবলৈ ভৰিত শক্তি পায়। ঘোৰাদৌৰত চেকুৰ মেলা ঘোৰাই যিদৰে মেলা চকৰত দি থোৱা হেদাৰ, খাল, ঢাপ আদি একোটা জাপত পাৰ হৈ অবাধে গুচি যায়,এনেলোকেও নিজ গন্তব্য পথৰ সকলো বাধা বিঘিনী পাৰ হৈ দহোটা পথৰ কোনো এটা পথ অৱলম্বন কৰি নিজ উদ্দেশ্য সাধন কৰে। বেহা-বেপাৰত লাভ লোকচান সদায় হৈ থাকে। চঞ্চলা লক্ষ্মী অচলা হৈ থকা প্ৰায় দেখা নাযায়। কাজেই বাণিজ্যত লক্ষ্মী বসতি কৰিলেও,কেতিয়া কোন সূত্ৰে তহবিলৰ তলি উদং কৰি থৈ যায় কোৱা টান। কিন্তু বণিকজন যদি আত্মনিৰ্ভৰশীল হয়, পুণৰ পিচল খোৱা ঠাইতেই খোপনি লৈ উঠে। এজন পৰিশ্ৰমী খেতিয়কে কেৱল বতৰৰ ওপৰতে খেতিটো এৰি নিদিয়ে। মাটি চহাওতে গৰুহাল, নাঙলটোতকৈ নিজ হাতৰ মুঠিটোৰ ওপৰত বেছি নিৰ্ভৰ কৰি চলে। পথাৰত লাহনি মাৰোতে লাহনি খনত কৈ নিজৰ বাউসিৰ বলতহে নিৰ্ভৰ কৰে। খৰাং বতৰত ডোং দি দূৰৰ পৰা পানী আনি পথাৰত বোকা দি ধান ৰোৱে। সোৰোপাৰ সেই সাহ আৰু বাহুবল নাই। বতৰৰ পানী লৈ খাপ লওঁতে লওঁতে তলিতে কঠিয়া গঠিয়া হয়। শগুণ যে আত্মনিৰ্ভৰশীল। নিজৰ হাতীকণিয়া পাখি দুখনৰ ওপৰত নিৰ্ভৰ কৰি লোকে চলোৱা চোতাল যেন বহল পাখী লগোৱা আকাশী ৰথতকৈও উৰ্দ্ধগামী হৈ মেঘলোকৰ সিপাৰে বনাই ফুৰিবলৈ সক্ষম হয়।

 আত্মনিৰ্ভৰশীল লোকৰ আত্ম-সম্মানো গাৰ লগৰ ছাঁৰ দৰে। তেনে জনে লোকৰ ওচৰত হাত পাতি সোণৰ লাৰু মোনাত ভৰোৱাত কৈ বাৰীত কোৰ মাৰি চপৰা চপৰে মাটি লুটিৱাকে শ্ৰেয়কৰ বুলি ভাবে। তাতেই তেওঁ নিজৰ জোখাৰে সোণ-ৰূপ ছেতিয়াই থোৱা দেখিবলৈ পায়। লোকৰ ঘৰত আলহী খাই পেট প্ৰবৰ্ত্তোৱাতকৈ দুসাজ লঘোন দিয়াও ভাল; এই আত্মসম্মানবোধত তেওঁ একাদশীব্ৰত মাহাত্ম্য অনুভব কৰে। লোকক মাগি খুজি আনি জহা চাউলৰ ভাত-