পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই


পৰিচয় শ্ৰীমনোৰম বৰুৱা ( প্ৰথম বাৰ্ষিক : কলা ) মৰণাৰ পৰা মনবৰে কেতিয়াবাই পদ্মীক সঁকিয়াই থলে—মৰণাটো সাৰিবৰ হল বুলি। পদ্মী কিন্তু ওলাই নাহিল। কিবা এটা কৰিছে বুলি মনবৰে মনটো পাতলাই থলে। গৰুহালক উৎসাহ দি সি এবাৰ দুৱাৰ খনৰ ফালে চালে। সি যেন পদ্মীক ঠিক দুৱাৰ খন ঠেলি ওলাই অহা দৃশ্যটো চাবলৈ ৰৈ আছে। হঠাতে ন-ধানৰ এটা স্নিগ্ধ গোন্ধ তাৰ নাকত লাগেহি। সি অনুভৱ কৰা ন ধানৰ গোন্ধটো কিমান কোমল, কিমান মিঠা। শাওনৰ বোকা মছি—এই ন-ধানৰ গোন্ধ সি কেনেকৈ পাইছে সেই সাধু সি জানে, আৰু পদ্মীয়ে জানে। ওপৰলৈ চালে—জোনটো আগতকৈ বেছি উজ্জ্বল হৈ আহিছে। সৰু সৰু তৰাবোেৰৰে সি জোনাক ৰাতি চাবলৈ ভাল নাপায়। এতিয়া সেই বোৰ মান পৰি গৈছে। পিছত হয়তো জোনটোও কোনোবা দূৰ দিগন্তত স্নান পৰি যাব। এৰা তাৰ কথা বোৰ। এতিয়া ভাবিলে তাৰ লাজ লাগে। কিয় জানো অতীতৰ সকলো কথাই সি আধা ভবাকৈ থৈ দিয়ে। সম্পূৰ্ণ কৈ ভাবিলে যে তাৰ কাইলৈ সোৱৰিবলৈ কথাই নাই। জীৱনত যদি সোৱৰিব লগা কোনো কথাই নাই তেন্তে তুমি কেনেকৈ জীয়াই থাকিবা? যদি জোনাক দেখা নাই তেন্তে জীৱনৰ শুভ্ৰতাখিনি কেনেকৈ উপলব্ধি কৰিবা? মৰণাটো তেতিয়াও মাৰিবৰ হোৱা নাই। সি জানে পদ্মীক সঁকিয়াই নথলে ঠিক সময়ত নাহে। পদ্মাৰ বহুত কথাই জানে সি। “ককাইটি সেইটো কিহৰ মৰণা মাৰিলি?” বাটৰ মুখৰ পৰা সেইয়া কলিয়াই তাক সুধিছে। তাৰ লাজ লাগিল। গৰুটোৰ পিঠিতে চাই চাই সি কলে ন-ধানৰ! ইমানেই কৈ সি তলমূৰ কৰিলে। কলিয়াক যে সি চাবনোৱাৰ হ’ল। কলিয়াৰ চকুত যেন কিবা মায়াজাল আছে। কলিয়াৰ মুখেদি যেন জুইবোৰ ওলাই আহিছে। কলিয়াৰ ওপৰত সি এদিন অবিচাৰ কৰিছিল। পদুমীৰ ওপৰত —পদ্মীৰ স্নেহৰ ওপৰত এদিন সি অত্যাচাৰ কৰিছিল। আজি যেন কলিয়া তাৰ বাবে এটা ভাঙ্গি যোৱা সাৰ্থৰ। কলিয়াইও থৰ হৈ ৰৈ মনবৰৰ অবস্থাটো বুজিবলৈ যত্ন কৰিছিল। সি ভাবিছিল —মনবৰে খঙত তেনেকৈ কৈছেনে নাই বেজাৰত। কলিয়াই এবাৰ আগৰ মনবৰৰ চৰিত্ৰটো ভাবি চালে। ঘটনাটো নঘটাৰ আগেয়ে কিহৰ মৰণা মাৰিছ বুলি সোধা হলে হয়তো মনবৰে ক'লেহেঁতেন—এৰা নকবি অ' ৰাইজেও ন-খাওঁ ন খাওঁ কৰিছে। আমাৰ পূৰ্ণিমাৰ ভিতৰতে ন’ বুলি এ মুঠি ধৰা হক ইত্যাদি ইত্যাদি। কিন্তু আজি? উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; নামবিহীন refসমূহৰ অৱশ্যেই সমল থাকিব লাগিব।