“এৰি দিয়া প্ৰশান্তদা” বুলি তাই চিঞৰি দিলে।
ৰঙা হৈ ঘামি জামি তাই মোৰ বুকুৰ পৰা নামি গ'ল। বাঘিনীৰ চকু কেইটাৰ দৰে ৰঙা কৰি তাই মোৰ চকুলৈ চাই কঁপি উঠিল। টপ্ টপকৈ বকুলীৰ দুচকুৱেদি অজস্ৰ লোটক বাগৰি আহিল। খঙেৰে তাই কৈ গ'ল “ছিঃ প্ৰশান্তদা! তুমি ইমান বেয়া ৰ’বা, মই মাক কৈ দিম” বুলি বকুলী ভিতৰলৈ সোমাই গ'ল।
প্ৰশান্তই এটা নিশ্বাস পেলালে—যেন এক অধ্যায় শেষ হৈ গৈছে। ইমানখিনি কথা কৈ শেষ কৰাৰ পাছত সি খন্তেকলৈ যেন জিৰণি ল’বৰ আশাৰে ৰৈ গ'ল। “এতিয়া আকৌ আগৰ কথালৈ ঘূৰি আহোঁ” বুলি প্ৰশান্তই আৰম্ভ কৰিলে।
বকুলীৰ ওচৰত সেইদিনা যি দুৰ্ব্বলতাৰ চিন দেখুওৱা হৈ গ'ল তাৰ বাবে আজীৱন পলৰীয়া হৈ ৰ'লো। ইতিমধ্যে প্ৰৱেশিকা পৰীক্ষাত পাছ কৰি গুছি গলো বেনাৰসলৈ। লৰালি কালৰ স্মৃতিবোৰ থাকি গ'ল— গাৱঁৰ হাবি বন—ধাননি ফুলনী আৰু বোকা পানীৰ মাজত। চকুৰ বাদুত নিশা সপোনৰ দাগ ৰৈ যোৱাৰ দৰে বকুলীৰ স্মৃতিবোৰ মনৰ পটাত এটি বিন্দু হৈ ৰ'ল। বকুলীয়ে মোলৈ চিঠি দিছিল—অপৈণত বয়সত কৰা সেই সন্ধিয়াৰ অভিমানখিনিক পাহৰি যাবলৈ তাই কাকুতি কৰিছিল। কেইবাখনো চিঠিৰ মাজত এই আজলী বকুলীজনীৰ মিনতি ভৰা দুচকুৰ নিৰপৰাধী লোটকবোৰ দেখা পাইছিলো। মই কিন্তু অচল হৈ ৰ’লো। আনকি খুড়াদেউৰ মৃত্যুৰ খবৰ পায়ো বকুলীহঁতলৈ সমবেদনা জনোৱা নহ'ল।
সেইজনী বকুলীয়েই যেতিয়া দণ্ডায়মান দৃষ্টিৰে মোক দূৰণিৰ এটা অনুতপ্ত সন্ধিয়াৰ কথা সোঁৱৰাই দিলে তাইৰ ওপৰত আক্ৰোশ লৈ থাকিবৰ কদৰ্য্যতা মনলৈ আৰু নাহিল।
কাৰুণ্যভৰা মৰমৰ এটা চাৱনিত বকুলীৰ মুখখনত সেইদিনা পৃথিবীৰ সকলো শান্তিৰ প্ৰতিচ্ছবি দেখা পালো। তেতিয়াও তাই থিয় হৈ আছিল নিৰ্ব্বাক-নিষ্পন্দ ভাবে মোৰ মুখখনলৈ একেথৰে চাই
বহুত সময়ৰ মূৰত আকৌ খুড়ীদেউ আহি মোক ভিতৰলৈ মাতি নিলেহি। জুহালৰ ওচৰতে বহিবলৈ দি বকুলীক চাহ জলপানৰ ভাৰ দি তেখেত পাকঘৰত সোমাল।
জুহালৰ কাষত বহি থকা বকুলীজনীলৈ এবাৰ মূৰ তুলি চালো। সেউজভৰা চকুৰ বাদু কেইটাত যেন অজস্ৰ বাৰিধাৰা জমা হৈ আছে। অলপতেই যেন সেই পানীৰ ধাৰা নামি আহি পৃথিবীখন বুৰাই পেলাব। কান্দি কান্দি উখহি যোৱা ৰঙা চকু কেইটাত অযুত মিনতিৰ চিন। চাদৰৰ আগটো মোহাৰি মোহাৰি তাই নীৰৱ হৈ ৰ'ল। তুহঁবোৰ ঠেলি ঠেলি জুই কৰা বেছিকৈ বঢ়াই দি তাই অলপ মোৰ ফালে চাপি আহিল। ওঠ কেইটা বকুলীৰ কঁপি উঠিল। বহুত কিবাকিবি কোৱাৰ কল্পনাত যেন তাই অধীৰা হৈ পৰিছিল।
‘প্ৰশান্তদা’—ঠোকাঠুকি মাত এটা দি আঠুৰ মাজলৈ মূৰটো সুমাই দি হুকহুক কৰে কান্দি দিলে।