পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৪১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬১
প্ৰশান্তৰ বলুকাত

সম্বোধন কৰিছিলো। ভুল মোৰ হোৱা নাছিল। যদি কাৰোবাৰ গাত ভুল আছিল তেন্তে মোৰ জীৱনলৈ অহা যৌৱনৰ প্ৰথম পছোৱা চাতিৰ গাত। অনাগত ভাবে মই জীৱনৰ এনেকুৱা এটা সন্ধিক্ষণত থিয় হৈছিলো যে চাৰিওফালে চাই মই দেখিছিলো—শুইন। মই যেন অকলশৰীয়া। সকলো থাকিও যেন মোৰ কিবা এটা নাছিল——কিবা এটাৰ অভাৱ। মোৰ অন্তৰত তেতিয়া কিবা এটা নতুন ভাবৰ আলোড়ন উঠিছিল। যৌৱনৰ ছন্দ হেৰোৱা সুৰবোৰে যেন জীৱনৰ পথত আউল লগাই দিছিল।

 সেই বয়সৰ এটা নীৰৱ সন্ধিয়া। নিৰ্জ্জন প্ৰহৰ, অকলশৰীয়া মুহূৰ্ত্ত এটাত সেইদিনা বুকুৰ ওপৰেদি এটা শিহৰণ বাগৰি গল। ঘূৰি চাই দেখো মোৰ কাষতেই ভীতস্পৃহা দৃষ্টিত থিয় হৈ আছে বকুলী। সদায় দেখি থকা বকুলী জনীক সেইদিনালৈ আকৌ এবাৰ নতুন যেন লাগিল। এইজনীতো তাহানিৰ বকুলী নহয়। অজস্ৰ দুষ্টামীভৰা—দৈনিক হাজাৰ বাৰ আমনি দিয়া—টোপনিত কানত পানীঢলা বুকুলীজনীৰ পৰা তাইক বেলেগ যেন লাগিল। সেই ভুলৰ সন্ধিয়াটোত তাই মোৰ চকুৰ পটাত ধোঁৱা হৈ ৰল। নতুন দৃষ্টিভঙ্গীৰে বকুলীয়ে মোৰ ফালে চাই আছিল।

 আঠুৰ ওপৰতে থকা নীলা ফ্ৰকটোৰে সৈতে বকুলীজনীক সেইদিনা অনন্যা যেন লাগি গ'ল। দিনতো খুড়ীদেউৰ লগত ধাননি পথাৰত ধান দাই অহা তাইৰ গাল দুখনত আঘোনী ৰ'দৰ ৰঙচুৱা আভাবোৰ জিলিকি আছিল তেতিয়াও। ৰদত শুকোৱা আৰু দিনতো ফণীৰ পৰশ নোপোৱা তাইৰ বাউলী চুলিবোৰ যেন উৰো উৰো কৰিছিল। তামোল খাই সেলেঙী বোওৱা বকুলীৰ ৰঙচুৱা ওঁঠ দুটালৈ সেইদিনা অজস্ৰ বাৰ চায়ো নতুন নতুন লাগিছিল। আকাশৰ বুকুৱেদি সন্ধিয়া নামিছিল—বাহিৰত হিমভৰা জোনাক। মুখখনতো যেন বকুলীয়ে সেইদিনা কিবা এটা নতুন দেখিছিল। অবাক-অচল হৈ দুষ্টামী ভৰা চাৱনি এটাৰে তাই তন্ময় হৈ থিয় হৈ ৰ’ল। যৌৱনৰ বলীয়া বতাহৰ জিৰি জিৰি কঁপনিয়ে চুই গলেও বয়সৰ গতিত তাই আছিল নুমলীয়া। পুৰিপুষ্ট যুগোল বাহুদুটাত সাৱটি ধৰা দুষ্ট কামনাই সেইদিনা মোক আনমনা কৰি তুলিলে। ইমান দিনলৈকেতো বকুলীৰ বুকুখনৰ উলঙ্গ কামনা কৰা নাছিলো। সেইদিনা যে কি প্ৰেৰণাই বকুলীৰ নীলা ফ্ৰকটোক মোৰ দৃষ্টিৰ পৰা আতৰাই নিয়াৰ চেষ্টা কৰিছিল মই নাজানো। তাইৰ বুকুত উঠা বতাহৰ ঢ’উবোৰ লেখি লেখি মনৰ পটাত মই দেখা পাইছিলো এজনী উলঙ্গ বকুলী।

 এবাৰ ভিতৰলৈ আৰু এবাৰ সূদীৰ্ঘ পদূলীটোলৈ চাই বকুলীক সেইদিনা প্ৰথমবাৰৰ কাৰণে বুকুৰ মাজলৈ জোৰ কৰি টানি আনিলো। অজান তৃপ্তিত মই অন্ধ হৈ পৰিলো। চাৰিওফালে মই দেখিছিলো অন্ধকাৰ। হাজাৰ চুমাৰ পৰশেৰে সেইদিনা বকুলীক বাউলী কৰি তুলিলো। তাইৰ বাহু কেইটাত অলপ জোৰ দিয়াৰ উমনি পাইছিলো। মুখখনেৰে কিবাকিবি কোৱাৰ বুদ্‌বুদনি মাত্ৰ শুনিছিলো। জোৰকৈ তাইক মোৰ কাষলৈ চপাই আনি বুকুৰ মাজত সাৱটি কামুধৰি ওঁঠ দুটাত ৰি ধৰিলো।