খাই উঠিল। সেয়েহে নানা জাতিৰ দেশ অসমত সুকীয়া সভ্যতা আৰু সংস্কৃতিৰ আভাষ পোৱা যায়।
গতিকে দেখা গ'ল যে কোনো এটা বিশেষ জাতিৰ আলম নলৈ প্ৰাচীন অসমীয়া সংস্কৃতিয়ে জন্ম
লৈছিল—অষ্ট্ৰিক, নিগ্ৰো, মঙ্গোলিয়ান, আলপাইন, আৰ্য্য়, অনাৰ্য্য আদি বিভিন্ন জাতিৰ সংমিশ্ৰণত
বৰ্ত্তমানে ই নিজকে পৰিপুষ্ট কৰিছে নগা, মিকিৰ, গাৰো, খাছীয়া, আহোম, টাই, কছাৰী-মুছলমান
আদি বিভিন্ন জাতিৰ সানমিহলি অৱদানক গ্ৰহণ কৰিছে।
অসমীয়া সংস্কৃতিৰ কথা আলোচনা কৰোতে অসমীয়া সমাজখনৰ কথাও আহি পৰে। আমাৰ সমাজখনৰ পৰাহে প্ৰাচীন অসমীয়া সংস্কৃতিৰ জন্ম হৈছিল আৰু আজিও অসমীয়া সংস্কৃতিক লালন- পালন কৰিছে অসমীয়া সমাজখনে, যদিও সময়ৰ আঁচোৰৰ পৰা ই নিজকে ৰক্ষা কৰিব পৰা নাই কোনোকালে।
অসমীয়া সমাজৰ প্ৰাণস্বৰূপ বিহু-উৎসৱ আমাৰ আলোচ্য বিষয় সংস্কৃতিৰ ক্ষেত্ৰত প্ৰধানতঃ মন কৰিবলগীয়া। বিহুৱেই অসমীয়া সংস্কৃতিৰ বিৰাট প্ৰতিবিম্ব। কৃষিজীৱি, অষ্ট্ৰিক সকলেই ইয়াৰ জন্মদাতা অৰু সেই প্ৰাক-ঐতিহাসিক দিনৰ পৰাই আজি পৰ্য্যন্ত বিহু-উৎসৱ অসমীয়া সংস্কৃতিৰ নিদৰ্শন ৰূপে থিয় দি আছে। এই বিহু-উৎসৱতেই নানান সুকুমাৰ কলাৰ বিকাশ দেখা যায়। নাচনীৰ নাচোন, ঢুলীয়াৰ ঢোল, শিপিনীৰ ফুলাম বচা বিহুৱান, লখিমীৰ মৰম-পৰশা চিৰা, পিঠা, আদি বিহুৰ ভিতৰুৱা বস্তুৱে আৰু বিশেষকৈ অসমীয়াৰ প্ৰাণৰ পৰা স্বতঃফুৰ্ত্তঃ ভাৱে বাগৰি অহা বিহু- গীতবোৰে অসমীয়া সংস্কৃতিক সদায় এটা নিজস্ব বৈশিষ্টতাৰে ৰক্ষা কৰি আহিছে আৰু ভৱিষ্যতলৈও কৰিব। সামাজিক অনুষ্ঠানবোৰৰ ভিতৰত বিবাহ উৎসৱো মন কৰিবলগীয়া, ই মূলতঃ ধৰ্মৰ ওপৰত প্ৰতিষ্ঠিত হলেও অসমীয়া সমাজৰ ৰীতি-নীতি আচাৰ-ব্যৱহাৰ আদি ইয়াৰ মাজেদি ভালকৈ পৰিস্ফুট হয়।
ইয়াৰ পিছত আহি পৰে গাওঁৰ টোল, পাঠশালা, নামঘৰ আদি য'ত সামাজিক জীৱনে বিকাশ লাভ কৰিবলৈ সুবিধা পাইছিল। অসমীয়া মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষমূলক সংস্কৃতিলৈ এই- বিলাকৰ দান অসীম। “Simple living and high thinking” হৈছে অসমীয়া সংস্কৃতিৰ প্ৰধান লক্ষণ। আনহাতে গাওঁৰ টোল পাঠশালা আদিক কেন্দ্ৰ কৰিয়েই এই বিশিষ্ট ভাৱধাৰাই গা কৰিছিল। শঙ্কৰ-মাধৱ আদি মহান লোকসকল- যি সকলৰ অৱদান অসমীয়া সংস্কৃতিৰ দেউলত নিত্য বিদ্যমান সেই সকলো প্ৰকৃত মানৱ হিছাপে জন্মগ্ৰহণ কৰিছিল এই বিলাকৰ পৰাই।
দ্বিতীয়তে আমাৰ দৃষ্টিগোচৰ হয় বাস্তৱ সভ্যতামূলক সংস্কৃতিলৈ। এইবিধ সংস্কৃতিৰ আধাৰ হৈছে বাসোপযোগী ঘৰবিলাক। অসম যে এই ক্ষেত্ৰত দুখীয়া নহয় তাৰ চিনাকী দিয়ে সুনিপুণ ভাৱে বাৰী-ঘৰ পাতি আহল-বহল ঘৰ-দুৱাৰ সাজি বাস কৰা অসমীয়া জাতিৰ শিল্পনিপুণ মনটিয়ে।
অসমীয়া সংস্কৃতিৰ ইতিহাসৰ আৰু দুটা উৎস হৈছে মাধৱ তথা শঙ্কৰৰ দান আৰু চতুৰ্থতে সত্ৰবিলাকৰ দান। সংস্কৃতিৰ লগত ভাষা আৰু সাহিত্যৰ ৰক্ত-মাংসৰ সম্বন্ধ শঙ্কৰী যুগৰ সাহিত্যৰ
উন্নতিৰ চৰম সীমাই অসমীয়া সংস্কৃতিত এক বিশিষ্ট ভূমিকা গ্ৰহণ কৰিছে। শঙ্কৰৰ বৈপ্লবিক দৃষ্টিভঙ্গী
৩