বাণী বৰুৱা ওলাই যোৱাৰ তিনিঘণ্টাৰ পাছত মই প্ৰশান্তৰ কাষ চাপি সুধিলো সেই অভিমানিনীৰ কথা। বেজাৰৰ উপশম ঘটিছিল তেতিয়া। বাণী বৰুৱাৰ পৰিচয় পালো সহজতে, কিন্তু পোন্ধৰ বছৰীয়া জীৱনৰ ইতিহাসটো জনাবলৈ প্ৰথমতে প্ৰশান্তই কুণ্ঠাবোধ কৰিছিল। হাজাৰেই হওক মোৰ আগত প্ৰশান্তই বেছি সময় আত্মগোপন কৰি ৰাখিব নোৱাৰিলে। ত্ৰিশ বছৰীয়া প্ৰশান্তৰ মুখত পোন্ধৰ বছৰীয়া জীৱনৰ বায়গ্ৰাফী শুনি গ'লো।
“সাত বছৰৰ পাছত মই বেনাৰসৰ পৰা আহি ঘৰ পালোহি। উদ্দেশ্য যদিও উচ্চ শিক্ষা লোৱাই আছিল ঘৰ এৰি যোৱাৰ আচল কাৰণ কাৰো আগত মই ব্যক্ত কৰা নাছিলো।”
মেলখাই থকা দুৱাৰখন বন্ধ কৰিবলৈ প্ৰশান্ত উঠি গল। বাহিৰত খুব হিম পৰিছিল। পাতল জোনাক। “ছিঃ, সেই কথাবোৰ কবলৈ বৰ কিবা কি লাগে অনুজ্জ্বল?”
মোৰ আগতো যদি তোমাৰ কথা পাতিবলৈ অস্বস্তি বোধ হয়:.. অন্তৰ খুলি কাৰ আগত পাতিবা? অলপ দাবীৰ সুৰত তাক বাধ্য কৰালো।
“বাৰু, আখৰে আখৰে মই মোৰ জীৱনৰ ইতিহাস তোমাক কৈ যাম, কিন্তু সাৱধান! আৰু যেন কোনেও নাজানে?”
ভয় নাই! কৈ যোৱা।
খুব নাটকীয় পৰিস্থিতি এটাৰ মাজত সেইদিনা বকুলী হঁতৰ ঘৰত সোমাই পৰিছিলো। সাতোটা দীঘল বছৰৰ পাছত। হাতত ধুনা-দানিটো লৈ ডাঠ কাগজ এখনেৰে বিচি বিচি বকুলী তেতিয়া বাহিৰৰ কোঠাটোলৈ ওলাই আহিছিল। দৃষ্টিত ধোৱাৰ মকৰাজাল। অপূৰ্ব্ব সুৰভি সনা গন্ধত গোটেই বায়ুৰ পৰিধিটো প্ৰফুল্লদায়ক হৈ পৰিছিল। পদূলী মুখৰ পৰাই মই কোঠাটোলৈ ভালকৈ লক্ষ্য কৰিলো।
আকৰ্ষণীয় আৰু মোহলগা বকুলীজনীৰ মুখলৈ যেন পশ্চিম আকাশৰ ৰক্তিম আভাবোৰ নামি আহিছিল। চোতালৰ দুবৰি ডৰা এৰি মই পিৰালিত ভৰি দিলো। খোজৰ শব্দত বকুলী চক্ খাই উঠিল। বিচনীখন ঘূৰাবলৈ বন্ধ কৰি দি বাওঁহাতেৰে ধুনাদানিটো অলপ আঁতৰাই থলে। ডাঠ হৈ উৰি যোৱা ধোৱাবোৰৰ সিটো আঁৰত অবাক অচল হৈ ঠিয় হৈ থাকিল তাই।
ধোঁৱা আঁতৰিল। প্ৰথম দৃষ্টিত বকুলীয়ে মোক চিনি নাপালে। হয়তো সুদীৰ্ঘ সাতোটা বছৰৰ পাছত মোৰ চেহেৰাৰ বহুত পৰিবৰ্তন হৈ গৈছিল।
আগবাঢ়ি আহি তাই মোক প্ৰশ্ন কৰিছিল—“কাক বিচাৰিছে—আপুনি কোন?”
পৰিচয় নহয়—স্মৃতিক বিচাৰি দিলো।
“অ প্ৰশান্তদা, ইমান দিনৰ মূৰত”—বুলি কৈয়েই তাই ভিতৰলৈ সোমাই গ’ল। সাতোটা বছৰৰ আগৰ দৰেই নিজেই মই বহি পৰিলো—এখন হেন্দোল ভগা চকীত। খুড়ীদেউ— মানে বকুলীৰ মাক ওলাই আহিল।
“প্ৰশান্ত, কেতিয়া পালাহিনো? আমালৈয়ো যে তোমাৰ মনত পৰিল।”