গল্প
নতুন ঘৰ
—অধ্যাপক চৈয়দ আব্দুল মালিক
জীৱকান্ত বৰ্তমান জীৱনৰ শেষ সীমাত। চুলিবোৰ বগলী পাখী যেন বগা, ডাড়িবোৰ পকি বগা হৈছে। গালমুখ সোতোৰা-সোতোৰ। মুখ খনৰ প্ৰতিটো ৰেখাত জীৱনৰ শেষ যোৱা তিনিকুৰি বাৰটা বছৰৰ নিৰ্মম ইতিহাসৰ বাহিৰে আৰু একো নাই। গাওঁ খনৰ ভিতৰতেই এতিয়া জীৱকান্ত এজন লেখৰ বুঢ়া। এৰা, বুঢ়া।
জীৱকান্তৰ পুতেক তিনিটা। প্ৰথমতে জীৱকান্তৰ দহ বছৰ কোনো লৰা-ছোৱালী নাছিল। প্ৰথম লৰাটোৰ বয়স এতিয়া তেত্ৰিশ বছৰ হৈছে। তাৰ নাম মহীধৰ। সি অলপ অন্য ধৰণৰ লৰা। সাধাৰণতে গাৱঁৰ লৰাই কুৰি-বাইশ বছৰতে বিয়া কৰায়, সি কিন্তু এতিয়াও বিয়া কৰোৱা নাই। গাঁৱত তাকলৈ বহুত আলোচনা হয়। সি বিয়া নকৰোৱাৰ কাৰণ নানা জনে নানা ৰকমে কয়।
কিন্তু আচলতে মহীধৰে যি কাৰণে বিয়া কৰোৱা নাই, সি সাধাৰণ। জীৱকান্তৰ গোটেই জীৱন দুখতে গ’ল। পৈত্ৰীক মাটি অলপ মান তাতে খেতি-বাতি কৰি কোনোমতে ছমাহ খাইছিল। বাকী ছমাহ কিনিকুৰি খুজি মাগি চলে। আজীৱন চেষ্টা স্বতেও নিজৰ অৱস্থাক বিশেষ পৰিবৰ্ত্তন কৰিব নোৱাৰিলে। বাপেকৰ দিনৰ ভগা ঘৰটো—তাকে বাটি-মেলি ঢোকা ভেজা দি কোনোমতে মূৰটো সুমুৱাই থাকে। প্ৰত্যেক বছৰ ঠিক কৰে খৰালি এটি আহল বহল ভাল ঘৰ সাজিব, কিন্তু খৰালি আৰু সি হৈ নুঠে।
বাপেকৰ দিনৰ সেই পুৰণা ঘৰটোৰ মজিয়াতে জীৱকান্ত উপজিল, তাতে মহীধৰো উপজিল। ঘৰৰ পৰিবৰ্ত্তন নহ'ল।
মহীধৰ এই পুৰণি, ভগা, খোকোৰা ওলোৱা ঘৰটো দেখি দেখি আমনি লাগিল। সি অলপ জনা-বুজাটো হোৱাৰ পৰাই মনে মনে এটা প্ৰতিজ্ঞা কৰিলে-সি কোনো উপায়ে এটা ঘৰ সাজিবই, আৰু নতুন ঘৰ সাজিব নোৱাৰে মানে সি বিয়া নকৰায়।
ভীষণ প্ৰতিজ্ঞা।
খেতিৰ উপৰিও হাট বজাৰ কৰি মহীধৰে পইছা গোটালে ঘৰ সাজিবৰ কাৰণে। তাকৰ তুকৰ নহয়—বাৰ শ’ টকা। তাৰ পিছত সি মিস্ত্ৰীৰ লগত ঠিক কৰি ঘৰ সজাৰ ঠিকা দিলে।
আগৰ পুৰণি বাৰীতে নতুন ঘৰ হ’ব। এতিয়া থকা ঘৰটোৰ আগতে। ঘৰ হ’ব টুপ লগা বঙলা, বেৰবোৰ কাঠৰ দুৱাৰ-খিৰিকি হ’ব কাঠৰ— কেইবাটাও কোঠা, বাৰান্দা আৰু কিবা-কিবি।