ছবি : কোনো এক বৰ্ষাৰ সন্ধ্যাত
ইচহাক্ আলি ( প্ৰথম বাৰ্ষিক : বিজ্ঞান)
আকাশৰ সীমান্ত ঢৌৱাই দাপোন শীতল এক
শুভ্ৰ সমতল, এয়া বানপানী।
নিসঙ্গ, বিষণ্ণ কৰি আকাশৰ ছবি সূৰ্য্য অস্ত গলে
দিগন্তত অঁকা ৰয় সৰু সৰু বাহনি কাঠনি।
পানীৰ ওপৰেদি বগাই অহা এক দুৰন্ত অজগৰে
যেন পোহৰৰ ৰংবোৰ গিলি যায় ধীৰে ধীৰে।
সাধুকথাৰ কোনো উলঙ্গ ৰাজকুমাৰীৰ দৰে দিগন্ত
শুই থাকে। আকাশ মুখৰ কৰে পখীৰ গানৰ ভীৰে।
জীৱনৰ মহাপূজাত ঘামলোনা উপহাৰ
অগণন শিল্পীৰ সেউজীয়া সৃষ্টি চাকি
পানীৰ উচ্ছাস জাগে।
অশৰীৰি বিভীষিকাৰ দৰে গাৱঁৰ সৌৰভ ঢাকি
ৰাতিৰ আন্ধাৰ নামে।
দূৰত পানী-গছা গজে, মৰণ ক’লা মাস্তুল উৰুৱাই
খাচীয়া পাহাৰ আকাশ বন্দৰলৈ
মনচুনৰ দুৰ্জ্জয় আৰ্মাডা আহে।
জিলি আৰু ভেকুলীৰ কোৰাছত গভীৰ ৰাতিৰ মৌনতা ভাগে।
ৰোৱাবোৰৰ কৰুণ কান্দোনত বতাহ বিদীৰ্ণ হয়—
জেৰেঙাৰ অক্টোপাচী কবলত যেন
অসংখ্য জয়মতীৰ নিষ্ফল কৰুণ আক্ৰোশ।
উৰুখা ছালৰ তলত যি বিমূঢ় কৃষকৰ দলে
ওৰেৰাতি পানীৰ বিৰামবিহীন গীত শুনে।
ৰাতিৰ নিশ্বাসত সিহঁতৰ বেদনা ভাঁহে।
ভাগৰুৱা দুচকুত অন্ধকাৰ খতিয়ান
সপোন জগাৰ আৰু
সপোন ভগাৰ।
তেনেকৈয়ে,
সমস্যাৰ বানপানীয়ে সজাল ধৰা
আশাৰ ৰোৱাবোৰ সিহঁতৰ ৰাখিছে বুৰায়
বেদনাৰ বিশাল হোৱাংহোত
কোনে বাৰু, কিহে বাৰু দিব মঠাউৰি সজায়।