পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সন্তাপ

শ্ৰীব্ৰজগোপাল ভট্টাচাৰ্য্য (তৃতীয় বাৰ্ষিক : কলা)

('মৰিতে চাহিনা আমি সুন্দৰ ভুবনে'—ৰবীন্দ্ৰনাথ )

সময় :
তুষাৰ-শুভ্ৰ পূৰ্ণিমা ৰাতিৰ শেষ।
উদয়:
পূবাকাশত প্ৰভাতী আভা।
...পকী দেৱালৰ সিপাৰৰ
পাইনৰ ডালত ওলমি
তৰল হিমমালাৰ মাজত ৰৈ আছিল
ফেহুঁ-বুলীয়া বৰ কাঁহী যেন
পুৰঠ চন্দ্ৰমা।
অলপ পাচত :
ই পশ্চিম সাগৰত লুকাই পৰিব;
জলমলীয়া সপ্তবৰ্ণেৰে
পৃথিবীত পোহৰ উপচি পৰিব....!
আলহী ঘৰৰ দুৱাৰত শুনিলো-
‘কট্’ ‘কট্’—দুটা টোকৰ্
(ৰাজকোঁৱৰ পাখীলগা ঘোৰাত
অচীনা কুৱঁৰীৰ কোঠাত নামিলগৈ,
কুৱঁৰীৰ ৰূপযৌৱনে ৰাজকোঁৱঁৰক
বন্দী কৰিলে;— কোৱঁৰ কিমান দিন থাকিল?)
সেন্দুৰবুলীয়া মুখখনেৰে—
জীৱন আলহী ঘৰত সোমালহি;—
চাৰিওকাষৰ ঠাই ডোখৰত
জীয়াতেজৰ উম আৰু
কাৰোবাৰ হাঁহি-কান্দোনৰ
মৃদু গুঞ্জন বিয়পি পৰিল।
... কিমান দিন থাকিব ইয়াত, বন্ধু?--মই সুধিছিলো।
‘বহুত দিন অনন্তকাল।
কেচা পাইনৰ সৌন্দৰ্য্য,
ৰজনীগন্ধা, শেৱালী, তগৰৰ মাদকতা,

   

সেই গোলাপী গালৰ ৰ’জজনীৰ।
উমলগা উঠন বুকুখনৰ উঠানমাৰ মধুৰ পৰিবেশটো-
এৰি যাব পাৰি জানো বন্ধু?
ওমৰ-প্ৰিয়া চাকিৰ পিয়লা—
কেচা আঙুৰৰ সোৱাদ-
তুমি জানো এৰি যাব বিচাৰা?
...পৃথিবী খন ঘূৰি আছে,
পাহাৰী-সূতিৰ সাপৰ নেগুৰ-ছিগা ধাৰেৰে
সময় বাগৰি আছে—
গাভৰু জোনজনী মৰি যায়,
সেউজীয়া পাহাৰৰ ফুল-ফল সৰি
পাহাৰটো নাঙঠা হৈ কান্দে।
শীতৰ শেষত:
জীৱন গলগৈ।
জীৱন গলত:
কোনেও নেকান্দিলে,
আলহী-ঘৰৰ কোনেও
খন্তেকো নেভাবিলে,
পৃথিবী তাৰ কক্ষত বাগৰিয়েই থাকিল।
ৰ’জৰ বুকুত উত্তাপ দিবলৈ
তাৰ সলনি -
হাজাৰ চফল “জীৱন” আগবাঢ়িল।
গুছি যোৱা জীৱন জানো
উলটি আহিব?
(জোনাবায়ে মইনাক নিচুকনি শুনাবলৈ
সদায় আহে, তেওঁ অমৃত খাইছিল)
মধ্যাহ্নৰ অন্তত দিনান্ত আহেই;
মোৰ চকুত লোটক নামিছে,—
তুমি কিয় কান্দিবা?