পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৩
তিনিটা কবিতা।


(৩) ৰাতিৰ হাত

মইতো তাকেই ভাবো:
বুদ্ধি যেতিয়া আহত
সমস্যাৰ জটিল গণিতেৰে,
তেজৰ গতি ক্লান্ত,
মইতো তাকেই ভাবো :
 তোমাক নামাতো কিয়?
 বিশৃঙ্খলাবোৰ চিজিল কৰিবলৈ,—
 মনৰ এই আলনা টেবুল বিলাক
 চিজিল কৰিবলৈ,
 আৰু নিপুণ হাতেৰে
 অভদ্ৰ ভঙ্গিত পৰি থকা কিতাপবিলাক
 চিজিল কৰিবলৈ,
 আৰু তাৰ পিচত
 হাঁহিবলৈ আৰু কথা কবলৈ
 আৰু মই বোবা হৈ শুনি ৰবলৈ।
 মইতো তাকেই ভাবো,
 তোমাক কিয় নামাতো?
 মনত যেতিয়া আৰম্ভ হয়।
 বন্যা-মহামাৰী- দুৰ্ভিক্ষ- যুদ্ধ,
 তোমাক কিয় নামাতো?
 তেতিয়াতো
 ৰাতিৰ মুগ্ধ শুভ্ৰভাৰ তৰলতাত লুকাব
 এই খেলিমেলি,
 অশান্ত অভজা মোৰ পাৰিপাৰ্শ্বিকতা,
 যিহেতু তুমি মৃণাল-দেহ,
 মৃণাল-হাত,
 কণ্ঠ তোমাৰ
 শীতল সুৰভি।