পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/২৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

নৱজন্ম

অধ্যাপক প্ৰফুল্লকুমাৰ ভূঞা

আহা কি সুন্দৰ উজ্বল এই ফাগুনৰ ৰাতিপুৱা
স্বচ্ছ শীতল নিয়ৰ
আৰু কমলা ৰঙৰ ৰ'দ!

গভীৰ টোপনিৰ পৰা মই আজি সাৰ পালোঁঁ
ফাগুনৰ ৰাতিপুৱা।

কিমান বছৰ যেন মই শোৱা নাই
হায় কিমান বছৰ!
কিমান বছৰ অনিদ্ৰা অনাহাৰ দুখ আৰু হতাশাত
অলিয়ে গলিয়ে মই ঘুৰি ফুৰিলোঁ‌
এক নৰকৰ পৰা অন্য নৰকলৈ স্খলিত হ'লো
মৰিলোঁ‌, ধ্বংস হ'লোঁ,
নিজৰ মৃত্যুৰ চিতা নিজে জলাই
ওচৰতে বহি বহি চাই থাকিলোঁ‌
অথচ চকু পানীও টুকিব নোৱাৰিলোঁ‌
কাৰণ তেতিয়া মই ছাই হৈ গৈছিলোঁ‌।

হায়, কিমান বছৰ শোৱা নাই মই
কিমান বছৰ!

তাৰ পিছত সাৰ পালোঁ‌ আজি এই ফাগুনৰ ৰাতিপুৱা
গভীৰ সমুদ্ৰ তলিৰ পৰা
কোনো মহাপ্ৰলয়ৰ পিছত
কোনো দেৱতাৰ আশীৰ্ব্বাদত
মোৰ যেন নৱজন্ম হ'ল
আজি এই ফাগুনৰ ৰাতিপুৱা।