এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ডায়েৰী
নিৰ্ম্মলপ্ৰভা বৰদলৈ
বগা বগা পাখী মেলি
মিঠা মিঠা কাকলিৰে
সেউজীয়া গীত গোৱা
পখীবোৰ উৰি গুচি গ'ল—
সাৰ পোৱা আন এখন পৃথিৱী বিচাৰি
পাৰ হৈ, ধৰণীৰ ধোৱা আৰু ধূলি।
এইখন অৰণ্যত
এতিয়া কেনিও আৰু নিৰ্জনতা নাই,
ক’লা-ৰঙা-হালধীয়া সৰু-বৰ অজস্ৰ সাপৰ
গোঁজৰণি, বিষাক্ত বতাহ।
সুৰৰ জোনাক শেষ
ফুলৰ আৰতি শেষ
কানিমুনি সন্ধিয়াত
কলুষ দৈত্য আৰু
অজ্ঞতা ৰাক্ষসী আহি
টেটু চেপি ফাঁচী দিলে ৰ'দৰ পোহাৰ
জ্ঞানৰ সকলো গছ মনৰ দুখত
বনপোৰা জুই হৈ
আপোনা-আপুনি জ্বলি ছাই হৈ গল
বাঁচি ৰ'ল মাথো
শুই থকা মানুহৰ চকুৰ টোপনিবোৰ
লগলাগি হোৱা এই
অৰণ্যৰ ঘোৰ অন্ধকাৰ।[১]
- ↑ * কবিতাটো শ্ৰী প্ৰফুল্ল ৰাজগুৰুৰ যোগেদি পোৱা হৈছে⸺সম্পাদক