পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

⸺কৱিতা⸻



 “কবি ঋষি। তেওঁ সত্যক ঋত কৰি দেখুৱায়। সকলোৰে ভিতৰত কি গভীৰ চিৰন্তন সত্য আছে, অনিৰ্ব্বচনীয় সৌন্দৰ্য্য আছে, সেইটা প্ৰকাশ কৰে কবিয়ে। কবি-প্ৰতিভাৰ ঘাই কথা মৌলিকতা। প্ৰকৃত কবি গতানুগতিকগামী নহয়। সাধাৰণ সোঁতত তেওঁ উটি নাযায়। বুদ্ধি-কৌশল আৰু “কাৰিকৰি”ৰ তেওঁ অপেক্ষা নাৰাখে। তেওঁৰ উৎস অন্তৰত্মাই সহজে অভিনৱতাৰ সৃষ্টি কৰে। তেওঁৰ অন্তৰৰ ভুমূকৰ পৰা একো একোটি মূল idea উঠে; তাকে তেওঁ সাকাৰ কৰি জগতৰ আগত ধৰে। কবি-প্ৰতিভাৰ ভিতৰত ঐশ্বৰিক শক্তিৰেই খেলা। তেওঁৰ এই শক্তি কষ্টসাধ্য নহয়, অনায়াসলব্ধ ঈশ্বৰ প্ৰসাদত তেওঁ নিত্য-সিদ্ধ। সেই দেখি কয়, "A poet is born and not made" অৰ্থাৎ মেহনত্’’ কৰি কোনো কবি হ’ব নোৱাৰে, কবিৰ জন্ম হয়।”

—লক্ষ্মীনাথ বেজবৰুৱা,

( ৭ম অধিবেশন, ১৯২৪ চন )