ৰমণীয়ে নিজ হাতে বোৱা কাপোৰ পিন্ধি নিজ বৈশিষ্ট ৰক্ষা কৰিছিল। এখন বেলেগ আসন ভাৰতীয় ৰমণী সকলৰ ভিতৰত অধিকাৰ কৰিছিল। মহামানৱ গান্ধীজীয়ে সেয়েহে কবলৈ বাধ্য হৈছিল, “অসমীয়া প্ৰত্যেক গৰাকী তিৰুতাই কাপোৰ ব'ব জানে; ব’ব কটা নজনা অসমীয়া গাভৰুৰ বিয়াই নহৈছিল। অসমীয়া গাভৰুৱে কাপোৰত সপোন দেশৰ কাহিনী ৰছে।” সচাকথা, এসময়ত এটা যুগ অসমত আছিল, যিটো যুগত অসমীয়া তিৰুতাই “ছাঁতে সুকুৱা, মুঠিতে লুকুৱা” কাপোৰ ব’ব পাৰিছিল; ৰাতিটোৰ ভিতৰতে পাঁজি কাটি সুতা উলিয়াই, ৰাতিপুৱালৈ চেলেং ছকঠিয়া বৈ নিজৰ আপোন জনক ৰণৰ কবচ দিছিল। বিয়াৰ আগতে বোৱা-কটাৰ বিষয়ে সুধিহে ডেকাই গাভৰুক বিয়া কৰাইছিল,—
“পদূলীৰ পৰা বোপদেউ সুধিলে
আইদেউ কিয়ে বনে পাৰে;
তাতঁত হালেজালে লতাফুল বাছে
আইদেউ সিয়ে বনে পাৰে।”
ব’ব কটা নজনা গাভৰু অসমীয়া ডেকাই বিয়া নকৰাইছিল; বৰং “থুপৰী” বুলিহে হাঁহিছিল—
“ব’বও নাজান কাটিবও নাজান
নকৰাও বিয়া মই তোক;
তোৰে নো নিচিনা থুপৰী তিৰুতা
কিয়নো লাগিছে মোক।”
আকৌ যি গাভৰুৱে বোৱা কটা নাজানে, সেই গাভৰুৱে চেনাইক বিহুৰ বিহুৱান দিবলৈ নাপায় নিজেই আক্ষেপ কৰে।
“বোপয়ে নিদিলে নাহৰ তাঁতশাল
আয়েও নিশিকাই মোক
কেনেকৈ দিও মই তোকে ঐ বিহুৱান
কেনেকৈ কওঁ মই তোক।”
বছৰৰ ৰঙালী বিহুত ভালপোৱা জনক “মৰমৰ দীঘ দি”, “চেনেহৰ বাণী বৈ”, “হেপাহৰ আচুৰে বোৱা” বিহুৱান দিয়া অসমীয়া সমাজত আদিম যুগৰে প্ৰথা। বিহুৱানৰ যোগেদি অসমীয়া গাভৰুৱে ভালপোৱাজনক অন্তৰ উজৰি মৰম স্নেহ, ভালপোৱাৰ সফুঁৰাটি মেলি দিয়ে। চেনাইক, চেনেহীয়ে বিহুত বিহুৱান কি ফুল বাচি দিব, তাঁতৰ শালতে গুণ-গঁঠা কৰে—
“যোৱাবাৰ বিহুৰে চেনাইৰ বিহুৱান।
ফুলেৰে নিদিলো বাচি :
এইবাৰ বিহুৱান দিমে কেনে কৰি
কেনেনো ফুলেৰে বাচি।”