অসমৰ সাংস্কৃতিক বিপৰ্য্যয়
শ্ৰীসৰোজ দেবী (তৃতীয় বাৰ্ষিক : কলা)
বাস্তৱ সভ্যতাই আজিৰ পৃথিবীত বিজয় ডঙ্কা বজাব লাগিছে। পৃথিবীৰ প্ৰত্যেক জাতিয়েই সভ্যতাৰ শিখৰত নিজকে শ্ৰেষ্ঠ প্ৰতিপন্ন কৰিবলৈ টনা-আজোৰা লগাইছে। কিন্তু প্ৰকৃত মানুহ হিছাপে জী থাকিবৰ কাৰণে বাস্তৱ সভ্যতাৰ উপৰিও মানসিক বৃত্তি বিলাকৰ উৎকৰ্ষ সাধনো অতীব প্ৰয়োজন। বাস্তৱ সভ্যতাই মানসিক উৎকৰ্ষ সাধন কৰিব নোৱাৰে। ইয়াৰ কাৰণে লাগে সাংস্কৃতিক সাধনা। সংস্কৃতিয়ে এজন মানুহ তথা এটা জাতিক মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষতাৰ উচ্চ শিখৰলৈ লৈ যায়। আচলতে সভ্যতা আৰু সংস্কৃতিক লৈহে জাতীয় জীৱন গঠিত হয়। এটা জাতিৰ উন্নতিৰ মানদণ্ড বিচাৰ কৰিবলৈ যাওঁতে সেই জাতিৰ সভ্যতাৰ লগে লগে সংস্কৃতিৰ কথাও আহি পৰে, কিয়নো সভ্যতা আৰু সংস্কৃতি দুয়ো দুয়োৰে পৰিপূৰক, এটাক এৰি এটাৰে জাতীয় জীৱন গঠিত হব নোৱাৰে।
জোন আৰু বেলিৰ সম্বন্ধ যেনেকুৱা, জাতীয় জীৱনৰ লগত সংস্কৃতি আৰু সভ্যতাৰ সম্বন্ধও তেনেকুৱাই। সংস্কৃতি আৰু সভ্যতাৰ ৰশ্মিৰ মাজেদিয়েহে জাতীয় জীৱনে নিজক বিকশিত কৰে। এই দুটা বস্তু বিশেষকৈ সংস্কৃতিৰ অবিহনে জাতীয় জীৱন বিফল। সভ্যতাই এটা জাতিক সুসংস্কৃত কৰি তোলাত সহায় নকৰেই বৰঞ্চ সংস্কৃতিবিহীন সভ্যতাই জাতিৰ জীৱনত বিপদৰ সূচনাহে কৰে। মুঠতে সংস্কৃতি জাতীয় জীৱনৰ প্ৰাণ আৰু সভ্যতা তাৰ শৰীৰ স্বৰূপ।
সংস্কৃতিনো কি বস্তু তেনে বিচাৰ কৰি চোৱা যাওঁক। ইংৰাজী ‘culture' শব্দৰ প্ৰতিশব্দই হৈছে সংস্কৃতি। ইয়াৰ ইতিহাস বৰ্ত্তমানৰ নহয়—অতি প্ৰাচীন, গীত, নৃত্য, বাদ্য আদি ললিত- কলাৰ ভিতৰতেই সংস্কৃতি সীমাৱদ্ধ নহয়। অৱশ্যে এইবিলাক সংস্কৃতিৰ একোটা একোটা বিশেষ অঙ্গ গীত, নৃত্য, বাদ্য, ভাস্কৰ্য্য আদি বিভিন্ন সুকুমাৰ কলা, ভাষা, সাহিত্য, বিজ্ঞান আৰু নানাবিধ সামাজিক অনুষ্ঠান সমূহৰ সময়তেই সংস্কৃতিৰ জন্ম। ধৰ্ম্ম সংস্কৃতিৰ ভিতৰুৱা বস্তু হয়নে নহয়—এইবিষয়ে যথেষ্ট মতভেদ আছে। কিন্তু বহুতো মনীষীয়ে ধৰ্ম্মক সংস্কৃতিৰ সংজ্ঞাৰ পৰা বাদ দিছে। এই ক্ষেত্ৰত এবাৰ পুৰুষোত্তম দাস টেণ্ডনেও কৈছিল—“My submission is that our country should never now make the mistake of onfusing culture with religion. There can be one culture for persons 'fessing different religion, for culture has religion to that land and