সময়কণ ডেকা গানৰ শিক্ষকৰ হাতত মিনতিক সঁপি দি দুৰদৰ্শী হাজৰিকা আৰু হাজৰিকানী ফুৰিবলৈ ওলাই যায়। মিনতিয়ে ঘৰত গানেই শিকেনে ফুচফুচীয়া প্ৰেমৰ ৰিহাৰ্ছলেই কৰে, তাৰ বিচাৰ লোৱাতো আমাৰ অনধিকাৰ চৰ্চ্চাহে হৰ, কিবোলে? কিন্তু, আমাৰ সোণতৰা হঁতলৈ চাওক। জিৰাবৰ সয়ম নাই। ভুঁই ৰুই আহি কান্ধত জকাই খনলৈ ওলাই গৈছে গধূলিৰ সাজৰ কাৰণে দুটি মাছ পুঠি ধৰি আনিবলৈ। সেই সময়ত নৈৰ সিপাৰে ম'হ চৰাই থকা ৰংমনৰ লগত সোণতৰা হঁতৰ দুই এটা বিহু গীতৰ আদান প্ৰদান হোৱাতো একো আচৰিত নহয়। আপোনালোকৰ তথাকথিত সভ্যতাৰ তুলাচালনীত ই অশ্লীল আখ্যা পোৱাতো স্বাভাবিক। মাত্ৰ পুতৌ হয় যে আপোনালোকে নিজৰ গাত চিকুটি নাচায়।
আপোনালোকৰ উপভোগৰ আন এটা সময় হেমন্তৰ সেঙেতা আবেলি বিলাক। আপোনাৰ গাত গাভাৰ্দিনৰ কোট পেন্ট। আপোনাৰ প্ৰিয়তমাৰ গাত ৰঙ্গীন ‘কেপ’। দুয়ো হয়তো অলপ ফুৰি আহিবগৈ। কাৰণ আপুনি জানে যে জাৰেই হওক বা জহেই হওক, কাষত প্ৰিয়তমাকলৈ ক্লান্ত আবেলিৰ সময়খিনি মহানগৰীৰ ৰাজপথত উপভোগ কৰাতো, আজিৰ সভ্যতাৰ বজাৰত নিজক এডভাটাইজ, কৰাৰ এটি অতি সহজ উপায়। সেই সময়তে কান্ধত মেটমৰা লখিমীক লৈ মণিৰামো পথাৰৰ পৰা উভতি আহিব। হাতত কাচিখন লৈ পিছে পিছে জেতুকীও আহিব, মুকলি আকাশৰ তলৰ শ্ৰান্ত পৃথিবীখনৰ পৰা শান্ত পজা ঘৰত অকনমান আশ্ৰয় বিচাৰি। ( আশ্ৰয়, আশ্ৰয় ক’ত...?) সেই দিন যদি জোনাক ৰাতি হয়, তেতিয়া হলেতো কথাই নাই। বাদামী ৰঙৰ ৰাতি, বাৰান্দাৰ ৰেলিঙত ভৰ দি আপোনালোকৰ সপোন বিভোৰ মনবোৰ এৰি দিব মৌজোল বুলীয় জোনটোৰ মৰম পাপৰি বিচাৰি।
—কিন্তু জেতুকী সেই সময়ত ভাতৰ চৰুত ব্যস্ত। মণিৰামে হয়তো আগত চাকিটো লৈ জোটাই জোটাই কীৰ্ত্তন পুথি পঢ়িছে।
অন্তৰত আপোনালোকৰ প্ৰতি কিছুমান বিদ্বেষ ভাব পোষণ কৰি মই এইবোৰ কৈছো বুলি ভাবি নলব আকৌ। যুগধৰ্ম্মক অস্বীকাৰ কৰিব পৰা ক্ষমতা মোৰ নাই। সভ্যতাৰ লাওপানী খাই মতলীয়া হোৱা আজিৰ নব্য সমাজৰ মাজত মই বিহমেটেকাও নহয়, নাইবা মই কোৱা কথাবোৰ কিছুমান এস্কিয়মৰ সমষ্টিও নহয়। একুৰি পোন্ধৰ বছৰীয়া জীৱনটোত যি দেখিছো, বা যি বুজিছো তাকেহে ব্যক্ত কৰিছো। মোৰ কথাবিলাক সম্পূৰ্ণ আন্ ডাইলুটেদ্, কিন্তু স্পষ্টবাদীতাৰ দোষত
দোষী।