পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( কথা কৱিতা )

ডাৱৰ

শৰৎচন্দ্ৰ ( দ্বিতীয় বাৰ্ষিক : কলা)

 বগা, কলা, ৰঙা, .... |

 শূইন সাগৰত ডাৱৰৰ প্ৰদৰ্শনী—ৰঙে জিলমিল, চাকিৰ তিৰবিৰণিৰ পোৱা নোপোৱাত। কোনোবা বিৰহী চিত্ৰকৰে অশৰীৰী প্ৰিয়া দেখ-নেদেখ মুখৰ নমুনা বিচাৰি বৰণ-ডলা নিঃশেষ কৰি ডাৱৰ বোৰ চটাচটে বোলাই পেলাইছিল। সুক্ষ্ম তুলিৰ লবনু পৰশত বৰ্ণহীন ডাৱৰ বোৰে ৰঙৰ খেলা পাতিছিল। কিমান লাবনি সেই ৰং-কেলিৰ যামিনীবোৰ।

 পৃথিবীৰ পানীৰ নিলমিল আৰু আকাশী ডাৱৰৰ মাধুৰিমাৰ লুকা-ভাকু, গুপুত প্ৰেমবাৰতা। পানীৰ চঞ্চলৰ মাজেদি দখিনা বায়ুৰ পলতৰি, কুহুম বোলৰ গুৰি ধৰি ডাৱৰ বোৰ উটি ফুৰিছিল। জলাহ পানীয়ে দুখ পাইছিল। নোপোৱাৰ। কবিতাগন্ধী, ৰঙীন অনুভূতি ভৰা আবেশেৰে সলিল ৰাশিয়ে খহটা মেঘৰ চপৰাক তৰল বুকুত সাবটি ধৰিছিল। গাঢ় আলিঙ্গন।

 অসীম নীলা আৰু নিঃসীম দিগন্তৰ অন্তৰালত, ৰঙেৰাঙলী মেঘমালাৰ মনোৰম পৰি- বেশত চেঙেলীয়া ডেকা পথিক জন গৈ পানীৰ পাৰৰ হাওলা কেন্দু গছ জোপাৰ ছাঁত থিত দিছিল। তেওঁৰ মুখাবয়বত ভোক-পিয়াহ আৰু ক্লান্তিৰ ঘাম বিৰিঙি পৰিছিল। তেওঁ এটা দীঘল উশাহ টানি বহি পৰিছিল। পাচত তেওঁ কাণৰ জুলিৰ পৰা পাথেয় খাদ্য উলিয়াই খাইছিল।

 খাই-বৈ তেওঁ সুস্থ হৈছিল। শ্ৰান্তিৰ জড়তা কাটি তেওঁৰ মুখত নব যৌবনৰ অপৰূপ কমনীয়তা ফুটি উঠিছিল। তেওঁ যেন অলকাপুৰৰ কামিনী-কুসুমে ঘেৰা, মৃণাল-ধবল কাৰেঙৰ অনুপম ৰাজকুমাৰ। চঁপা-কলি যেন আঙুলি কিটিৰে ৰঙা গোলাপৰ পাহি লিৰিকি লিৰিকি, পাপৰি সৰাই নুপুওৱা ৰাতিৰ নিৰ্জ্জন আৰু নিঠুৰ মুহূৰ্ত্ত বোৰত মিলন ক্ষণ গণি থকা অপেক্ষিতা প্ৰেয়সীৰ সন্ধানত পথ ভুল কৰি যেন তেওঁ অচিন ঘাটত থিত দিছিল।

 তেওঁ নৈলৈ চালে। অশন্তি লহৰিব হোলো কনিয়ে তেওঁৰ অন্তৰতো ঢৌৰ পাতলভাজৰ সৃষ্টি কৰিলে। তেওঁ নৈৰ কথা ভবাই নাছিল। হঠাৎ বিশাল, দ’পানীৰাশি পাৰ হোৱা কথা ভাবি তেওঁ চিন্তান্বিত হৈ পৰিছিল। তেওঁ স্তব্ধ হৈ বিৰাটৰ বুকুত নিজৰ ক্ষুদ্ৰতম অস্তিত্ব ৰিজাই ভীত হৈ পৰিছিল। বিৰাট আৰু অনু, অবয়বী আৰু অবয়বৰ কিমান প্ৰভেদ! অথচ ইটিৰ লগত সিটিৰ এনা সূতাৰ নিবিড় প্ৰাণ-বান্ধন।

 এটি কেন্দ্ৰগছৰ সেন্দুৰী পাত তেওঁৰ কাষত পৰিছিল।

১৬