পৃষ্ঠা:জেবিয়ান ১৯৫৮.djvu/১০২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

অনুবাদ কৱিতা:

মেঘ

ছন্দ— ওৱাইকা

[১]

—সম্ৰাট হিৰ’হিত,


এটুকুৰা বগা মেঘ
 যেন এডাল চীনদেশৰ উত্তৰি
 কণ্ঠচ্যুত হৈ আকাশৰ সতে মিলন,
চক্ৰাকাৰে ঘূৰি ফুৰে
 ফুৰে ঘূৰি ‘নাচু’ শৃঙ্গোপৰি
 উপত্যকা পাৰ হৈ— হয় বিলীন।

[২]

—সাম্ৰাজ্ঞী নাগাকো।


আৱৰ্ত্তনত বিৱৰ্ত্তনত
 সলনি হ'বলৈ ধৰে তাৰ পিছলৈ
 অৱশেষত সিও হয় এক আকাৰ,—
শুভ্ৰ অভ্ৰ উৰি যায়
 যায় উৰি দূৰ দূৰণিলৈ
 বহুত দুৰলৈ–হৈ এই নীলাকাশ পাৰ।

[৩]

-যুৱৰাজ একিহিত,


গৈ থাকে মেঘ
 বগা বগা মেৰ খুলি
 যেন এক সুতাৰ বাণ্ডিল,—
বতাহত বাঢ়ে বেগ
 মুক্তাকাশত আলিম্পন আঁকি,
 পদাঙ্কৰে ৰচিছে মিছিল।