পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৯০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বান্ধৱীসকলৰ আটাইৰে ভাইটি আছিল, আমাৰ নথকা বাবে অলপ মনোকষ্ট নোপোৱা নহয়। গতিকে আমাৰো মহাস্ফূৰ্তি। দেউতা-মায়ো, বিশেষকৈ মাই নিশ্চয় পৰম সন্তোষ লাভ কৰিছিল। কিন্তু তেওঁলোকে মনৰ ভাব কেতিয়াও প্ৰকাশ কৰা নাছিল। তদুপৰি তাৰ প্ৰতি কোনো পক্ষপাতিত্বও নাছিল তেওঁলোকৰ। হাকামাৰ প্ৰসিদ্ধ শাস্ত্ৰজ্ঞ পণ্ডিত দুৰ্গা কিংকৰ শাস্ত্ৰীদেৱে আমাৰ সকলোৰে কোষ্ঠীবোৰ ৰচনা কৰিছিল। তেওঁৰ কথামতে ভাইটিৰ নাম দিয়া হ'ল বিশ্বেন্দ্ৰ নাইবা সৌৰীন্দ্ৰ, আমি মাতিছিলো বাবলু বুলি। আবু যমুনা সুন্দৰীয়ে তাৰ জন্মৰ আগতে ইহলীলা সম্বৰণ কৰা হেতুকে নাতিৰ মুখ চাই যাব নোৱাৰিলে।

 আজি কোকৰাঝাৰৰ পৰা চাপৰলৈ দিনটোত কেইবাবাৰো অহা-যোৱা কৰিব পাৰি, কিন্তু আমাৰ বাল্যকালত ই আছিল সপোন। চাইকেল, গৰুগাড়ী আৰু পদযুগলেই আছিল যাতায়াতৰ একমাত্ৰ বাহন। গতিকে আমি আবুৰ মাকৰ ঘৰলৈ যাব পৰা নাছিলো। বাবলুৰ ডেৰ বছৰমান বয়সত চাপৰৰ প্ৰথম গ্ৰেজুৱেট তীৰ্থলোচন দাস জেঠাই এখন মটৰ গাড়ী কিনিছিল। বাট-পথৰো উন্নতি ঘটিছিল বিশ্বযুদ্ধৰ সময়ত। গতিকে চাপৰত দেউতাৰ মোমায়েকৰ পুতেক মাখন খুৰাৰ বিয়ালৈ যাবলৈ আমি বৰকৈ ইচ্ছা প্ৰকাশ কৰাত জেঠাৰ গাড়ীখনেৰে সপৰিয়ালে তালৈ ৰাওনা হৈছিলো। ইমান সৰু ল’ৰাটোক লৈ গাঁৱলৈ যোৱাৰ আগ্ৰহ দেউতাৰ বৰ বেছি নাছিল। আজি চাপৰত চিকিৎসকৰ অভাৱ নাই, কিন্তু সেই সময়ত ডাক্তৰী চিকিৎসাৰ অলপো সুবিধা নথকা বাবেই দেউতাই যাবলৈ ইতস্ততঃ কৰিছিল। আবুৰ মুখত চাপৰৰ ইমান কাহিনী শুনিছিলো যে সেইখন ঠাইৰ প্ৰতি আমাৰ আছিল তীব্ৰ আকৰ্ষণ। ধীৰবিলৰ মাছ, কছাৰী ম'হৰ ‘কুঠাৰে কটা’ উৎকৃষ্ট দৈ, আম-কঠাল, জামু আৰু ক’ত যে কি আকৰ্ষণ! তেওঁ কৈছিল শাল আৰু কঠাল গছৰ কাঠেৰে সজা চুঙাত দৈ পতা হৈছিল। সেই দৈ ইমানে খমখমীয়া যে কাটিবলৈ প্ৰয়োজন হৈছিল কুঠাৰৰ। এতিয়া কুঠাৰ নালাগে হেতাৰেই তুলিব পাৰি। চৰ-চাপৰিবোৰত জনবসতি বঢ়া বাবে মইবোৰ নলখাগৰি খোৱাৰ পৰা বঞ্চিত হৈছে। ম'হৰ খুঁটিবোৰো সেয়েহে নোহোৱা হৈছে।

 খুৰাৰ বিয়া হৈ যোৱাৰ পিছত আমাৰ মূৰত যেন বজ্ৰাঘাত হ’ল। বাবলু আক্ৰান্ত হ’ল তেজ হাগনি ৰোগত। চিকিৎসক নাই, নাই চিকিৎসালয়। জেঠাহঁতৰ গাড়ীখন ধুবুৰীলৈ গৈছিল দেউতাৰ বন্ধু তেতিয়াৰ চিভিল চাৰ্জেনগৰাকীক আনিবলৈ। পিছে তেওঁ আহি পোৱাত পলম হ’ল। চম্পা নৈৰ বালিত কণমাণি বাবলুক অকলশৰীয়াকৈ এৰি থৈ আমি কোকৰাঝাৰলৈ উভতি আহিছিলো। আজিও চম্পানৈৰ দলঙৰ ওপৰেদি অহা-যোৱা কৰোতে বাবলুক বিচাৰো, অশ্ৰুসিক্ত হৈ উঠে দুচকু।

 বাবলুৰ বিয়োগে কেৱল আমাকে নহয়, কন্দুৱাইছিল আত্মীয়-অনাত্মীয় বহুতকে। কোকৰাঝাৰৰ ঘৰত সহানুভূতি জনাবলৈ আহিছিল শোকত ম্ৰিয়মান বহু মানুহ, চিঠি-পত্ৰ আহিছিল অসংখ্য। তাৰে মাজত এদিন এগৰাকী মহিলাই দেউতাক ক'লে— ‘কণা যমটোৱে ল’ৰাটোকহে দেখা পালে, এজনী ছোৱালীকেচোন নিব পাৰিলেহেঁতেন।’ দেউতাৰ চকুত ল’ৰা-ছোৱালী দুয়ো সমান। দেউতাই মানুহগৰাকীক সুধিছিল বাবলুৰ সলনি কোনজনীক

৯০/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি