পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৩৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

মাহীও আমাৰ পৰিয়ালৰ সদস্য হ'ল। মাহঁতৰ আত্মীয়-স্বজন সকলোৱে আমাৰ দেউতাক বখানি আতাক কৈছিল— ‘এনে এজন জোঁৱাই আপুনি পাইছে মহা ভাগ্যৰ ফলত।’ এই মাহী দুজনী আমাৰ লগত থকা সময়ৰ কথা ভালকৈয়ে মনত আছে। দুয়ো বৰ গুণী আছিল। ডাঙৰজনীয়ে চোলা চিলাই দিছিল আৰু সৰুজনীয়ে আমাক নাচ-গান শিকাইছিল। আতাই এই দুজনী জীয়েকক বিয়া দিছিল যদিও দৰা বিচাৰি দিছিল দেউতাই। সৰযু মাহীৰ বিয়া হয় দেউতাৰ এজন আত্মীয় গোৱালপাৰা হাইস্কুলৰ শিক্ষক মথুৰাকান্ত দাসৰ লগত। কোহিনুৰ মাহীৰ স্বামী আছিল মৰনৈৰ এক সম্ভ্ৰান্ত পৰিয়ালৰ পুত্ৰ ৰমেশ চন্দ্ৰ দাস। এওঁলোক আছিল বহু ভূ-সম্পত্তিৰ অধিকাৰী।

 কবি-আতাই ৰচনা কৰি দিয়া কবিতাৰে আমি কোহিনুৰ মাহীলৈ চিঠি লিখিছিলো— ‘কোহিনুৰ মাহী, আহা কেনে ফুলি থকা পদুমৰ পাহি।’ কেতিয়াবা নিজে লিখিছিলো— ‘কোহিনুৰ মাহী, তোমাক দেখিলে মোৰ মুখত আহে হাঁহি।’

 মাহী দুজনীৰ বিয়াৰ পিছত আমি তেওঁলোকৰ অভাৱ বহুদিনলৈ অনুভৱ কৰিছিলো। আজিও সৰুকালৰ কথা মনত পৰিলে মাহীহঁতৰ স্মৃতিয়ে আমনি কৰে।

 মাৰ দেউতাক কবি আতাৰ বিষয়ে থূলমূলকৈ ক’লো। জীৱনৰ খলা-বমাৰে আগবাঢ়োতে তেওঁ আকৌ ভুমুকি মাৰিবহি মাজে মাজে।ডাঙৰজনী জীয়েকক বিয়া দিয়াৰ পিছতেই তেওঁৰ পত্নীয়ে অকালতে পৃথিৱীৰ মায়া ত্যাগ কৰা বুলি কৈছো। সৰুপেটাৰ সমীপৱৰ্তী বৰটাৰী মৌজাৰ প্ৰতাপশালী মৌজাদাৰ পুষ্পৰাম চৌধুৰীৰ তিনি কন্যা সাবিত্ৰী, বিবিত্ৰী আৰু গায়ত্ৰীৰ মাজত বৰজীয়ৰী সাবিত্ৰী আছিল আমাৰ মাৰ মাক। পুষ্পৰামৰ দোৰ্দণ্ড প্ৰতাপত হেনো বাঘে-ছাগে একে ঘাটত পানী খাইছিল।

 চৌধুৰী পৰিয়ালটোৰ উৎস সম্পৰ্কে কবি-সাহিত্যিক বীৰেশ্বৰ বৰুৱাই ‘সুন্দৰীত শ্ৰীশ্ৰীমাধৱদেৱ, মাধৱ মৰল, আতিৰাম বৰুৱা আৰু অন্যান্য’ নামৰ গ্ৰন্থত বিতংকৈ লিখিছে। বৰুৱা পৰিয়ালৰ উৎসও সেই একেটাই। লেখকৰ মতে বিজয় সিং চৰ্দাৰ নামৰ ৰাজপুতনাৰ পৰা অহা এজন সেনাধ্যক্ষ তেওঁলোকৰ বংশৰ প্ৰতিষ্ঠাতা। প্ৰবাদ আছে যে সাংগো-পাংগ সহিতে বিজয়সিঙে ঘোঁৰাত উঠি কামৰূপ মুলুক পায়হি। পৰম্পৰাগত বিশ্বাস যে, কমতাপুৰৰ নীলধ্বজ ৰজাৰ পিছত আৰু নীলাম্বৰ ৰজাৰ আগেয়ে, চতুৰ্দশ শতিকাত আহি তেওঁ বৰপেটাৰ সমীপৱৰ্তী সুন্দৰীত খোপনি পোতে। ধীৰে ধীৰে দাঁতিকাষৰীয়া বহু এলেকা নিজৰ দখললৈ আনি এক স্বাধীন ভূ-স্বামী হিচাপে প্ৰতিষ্ঠা লাভ কৰে বিজয়সিঙে। তেওঁৰ পুত্ৰ গন্ধৰ্ব সিঙে চৌধুৰী উপাধি গ্ৰহণ কৰিছিল।

 বিজয় সিঙৰ চাৰিটা পীৰি পাছত খীৰা মৰলৰ সময়ত আহোমৰাজ্য এৰি মহাপুৰুষ শংকৰদেৱে ৰজা নৰনাৰায়ণৰ কোচৰাজ্যৰ অন্তৰ্গত বাউসী পৰগণাৰ পাটবাউসীত থাকি একশৰণ নামধৰ্ম প্ৰচাৰ কৰে। খীৰা মৰলৰ সময়ত কোচৰজা নৰনাৰায়ণ কামৰূপৰো ৰজা আছিল। পাটবাউসীলৈ গৈ খীৰা মৰলে শংকৰদেৱৰ ওচৰত শৰণ লৈছিল। মাধৱদেৱো তেতিয়া এই অঞ্চললৈ আহে আৰু ১৫৭২ খ্ৰীষ্টাব্দৰ পৰা সুন্দৰীত থাকিবলৈ লয়। সুন্দৰী আছিল এটি দিয়া অৰ্থাৎ চাপৰি। মাধৱদেৱে ঠাইখনৰ নাম দিছিল সুন্দৰীদিয়া।

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /৩৭