পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বাইদেউৰ দেউতাকলৈ। বৰ্তমানে নব্বৈ বছৰীয়া বাইদেউ আমাৰ গুহ পৰিয়ালটোৰ জ্যেষ্ঠতম সদস্য। প্ৰগতিশীল ঘৰৰ জীয়ৰী বাইদেৱে তেতিয়াৰ দিনতে আই এ পাছ কৰাৰ পিছত জাকৰুৱা ঘৰত বিয়া দিছিল দেউতাকে। ১৯৩৭ চনত বাইদেউৰ বিয়া হোৱাৰ সময়ত গুৱাহাটীৰ উলুবাৰীত থকা গুহ পৰিয়ালটোত আছিল শহুৰ শাহুৰে সৈতে স্বামীৰ এঘাৰজন ভাই-ভনী, বৰজনাকৰ ছটা মাতৃহীন এমা-ডিমা ল’ৰা-ছোৱালী, শাহুৰ মাক আৰু কোনোবা কোনোবা। তেওঁ আছিল মাক-দেউতাকৰ একমাত্ৰ জীয়ৰী, ককায়েক এজন। ককায়েক শিশিৰ কুমাৰ ঘোষ ৰবীন্দ্ৰনাথ ঠাকুৰৰ প্ৰিয়পাত্ৰ আছিল। তেওঁ ভাল বাঁহীবাদক আছিল বাবে ৰবীন্দ্ৰনাথে শিশিৰদাক বাঁশীৱালা বুলি মাতিছিল। ৰবীন্দ্ৰনাথৰ লগত তেওঁ বহুবাৰ বহু ঠাইলৈ গৈছে। আজি এবছৰ আগতে বিৰানব্বৈ বছৰ বয়সত শিশিৰদাৰ মৃত্যু হৈছে। যিয়েই নহওক, প্ৰতিভা বাইদেউক সুধিছিলো দেউতাকে কিয় তেওঁক এই জাকৰুৱা ঘৰখনত বিয়া দিছিল। আমাৰ আবুৰ দৰে ওৰে জীৱন অকলশৰীয়া বাইদেউৰ দেউতাকে কৈছিল, ধনবলতকৈ জীৱনত জনবলৰ প্ৰয়োজন বেছি! নাজানো, কথাষাৰ বৰ্তমান যুগত কিমানদূৰ প্ৰযোজ্য। আজিৰ মানুহৰ সন্তান সংখ্যা কম, আত্মকেন্দ্ৰিক, সম্পত্তিৰ লোভ বেছি। চহকী দেউতাকৰ একমাত্ৰ পুত্ৰক জোঁৱাই হিচাপে পাবলৈ আজিৰ অধিকাংশ পিতৃ-মাতৃয়ে আশা কৰে। মোৰ ছোৱালী নাই, থকা হ’লে ময়ো সৰু পৰিয়ালত বিয়া দিলোহেঁতেন নিশ্চয়।

 জীয়েকক বিয়া দি বোৱাৰী আনিবলৈ আবু ব্যস্ত হৈ পৰিল। বি এছ পাছ কৰি বৰপুত্ৰ গিৰীণে স্কুল এখনত সোমাইছিল। মেচপাৰা জমিদাৰৰ দেৱান বা মেনেজাৰৰ পদো তেওঁ পাইছিল, পিছে মাকৰ আপত্তি। তেওঁৰ স্বামী একেটা পদত থাকোতে আততায়ীৰ হাতত নিহত হৈছিল। স্বাভাৱিকতেই পুতেক সেই মুৱা হোৱাটো পছন্দ কৰা নাছিল তেওঁ। ইতিমধ্যে বিজনীৰাজ এষ্টেটৰ খুটাঘাট পৰগণা পৰিচালনা কৰিবলৈ তেওঁ নিযুক্তি পায়। ইফালে মাজুপুত্ৰ বীৰেণেও সুখ্যাতিৰে কটন কলেজৰ পৰা ১৯২৩ চনত বি এছ চি পাছ কৰি জামছেদপুৰৰ টাটা কোম্পানীত চাকৰি পাই অসম এৰে। তাত কিছুদিন কাম কৰাৰ পিছত কিবা কথাত কেৰাণী এজনৰে স’তে তৰ্কাতৰ্কি হয়। তেওঁৰ আৰু ভাল নালাগিল তাত। তেতিয়াৰ দিনৰ বিজ্ঞানৰ স্নাতকৰ বাবে চাকৰিৰ অভাৱ নাছিল। বিহাৰৰ ধানবাদত চাকৰি এটা পালে যদিও পৰিয়ালৰ মানুহে বাহিৰত থকাটো ভাল নোপোৱা বাবে অসমলৈ উভতি আহি কো-অপাৰেটিভ ইন্সপেক্টৰ হিচাপে অসম চৰকাৰৰ অধীনত চাকৰিত যোগ দিয়ে। চাকৰি জীৱনটো সেই বিভাগতে থাকি এছিষ্টেণ্ট ৰেজিষ্ট্ৰাৰ পদলৈ উন্নীত হৈ তেওঁ অৱসৰ গ্ৰহণ কৰে।

 আবুৰ পুত্ৰসকল আছিল দিলদৰিয়া স্বভাৱৰ, মাকৰ দৰেই। তেওঁ যেতিয়া অশেষ কষ্টৰ মাজেৰে নিজৰ ল’ৰা-ছোৱালী চাৰিটাক পোহপাল দি আছিল তেতিয়া বৰপুত্ৰই গাঁৱৰ পৰা মোমায়েকৰ পুতেকহঁতকো ধুবুৰীলৈ আনি স্কুলত ভৰ্তি কৰোৱাৰ প্ৰস্তাৱ আগবঢ়ায়। তাৰে পৰিণতিত মোমায়েকৰ বৰপুত্ৰ ভুবন চন্দ্ৰই এইখন ঘৰতে থাকি চতুৰ্থ শ্ৰেণীৰ পৰা এন্ট্ৰেন্স পৰীক্ষালৈ ধুবুৰী হাইস্কুলত পঢ়ে। ভুৱন চন্দ্ৰ আছিল অত্যন্ত মেধাৱী। এঁৱে এন্ট্ৰেন্স পৰীক্ষাত

৩২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি