পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৯২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শাৰীৰিক আৰু ব্যৱহাৰিক কেইটামান বৈশিষ্ট্যৰ আঁৰত জিন আৰু পৰিৱেশ কাৰ অৱদান কিমান জুখি উলিয়াবলৈ গৱেষণা নকৰো নো কিয়? গাইডৰ লগত আলোচনা কৰিবলৈ যাওঁতে তেওঁ ক’লে বিষয়টো খুবেই ভাল, কিন্তু তাকে কৰিবলৈ হ’লে Twin Study, Family Study আৰু Population Study কৰিব লাগিব। Family আৰু Population অধ্যয়ন কৰাও সহজ নহয়, বিশেষকৈ মোৰ বয়সত। তেতিয়া মোৰ বয়স আঠত্ৰিশমান। ঘৰ-সংসাৰ চম্ভালি টলৌ টলৌকৈ ক্ষেত্ৰ অধ্যয়ন কৰা যথেষ্ট কষ্টকৰ। ই যদিওবা সম্ভব, যঁজা পাম ক’ত?

 মনটো ভাগি যোৱা যেন লাগিল যদিও ভাগি নপৰিলো। ভাবিলো চাওচোন চেষ্টা এটা কৰি কিজানিবা যঁজা পাওৱেই কেইযোৰমান। গোখলে ইনষ্টিটিউটত গৃহস্থৰ সহকৰ্মী এগৰাকীৰ এহাল যঁজা ল’ৰা থকা বুলি জানি তেওঁৰ ওচৰলৈ গ’লো। তেওঁ খাৰাংখাচকৈ কৈ দিলে যে তেওঁৰ ল’ৰাহঁত লেবৰেটৰীৰ গিনিপিগ নহয়। গালত জোতাৰ কোব খোৱাৰ অনুভূতি হৈছিল সিদিনা। পিছদিনা মাৰাঠী মাধ্যমৰ স্কুল এখনত একে উদ্দেশ্য লৈ সোমালো ইখন গালতো একোব খোৱাৰ মানসিক প্ৰস্তুতি লৈ। পিছে তাত ফুলৰ মালাৰেহে আদৰিলে। প্ৰধান শিক্ষকগৰাকী বিদ্যোৎসাহী। তেওঁৰ স্কুলত পালো দুযোৰ। আচৰিত হৈ লক্ষ্য কৰিলো যে যঁজাসকলে আন যঁজাৰ সন্ধান দিব পাৰে। পিছলৈ আৰু ঘূৰি চাবলগীয়া নহ’লো। শেষত এনে লাগিল যেন পুনেত যঁজাৰ অভাৱ নাই। মুঠ ১০৬ যোৰ পোৱাৰ পাছত ১০৭ নম্বৰ যোৰ পালো আলিবাট নিৰ্মাণ কৰি থকা শ্ৰমিকসকলৰ মাজত। মোৰো সেই সময়ত যঁজা বিচৰাটো এটা অভ্যাসত পৰিণত হৈছিল। দুজন ল’ৰা বা দুজনী ছোৱালীক একেলগে দেখিলে মুখলৈ চাইছিলো। এইদৰে চাওঁতে চাওঁতে মাটি কাটি থকা ৰাম আৰু শ্যামক পাই মই উল্লাসিত। দুয়োকে কিডনেপ কৰাদি অটোৰিক্সাত তুলি লৈ আহিছিলো লে’বলৈ। মোৰ যঁজাসকলৰ বয়স আছিল দহৰ পৰা পঁয়ত্ৰিশলৈ। তেওঁলোকৰ বাস আছিল বস্তিৰ পৰা প্ৰাসাদলৈ। কিছুমান অঞ্চললৈ গধুলি যাবলৈ ভয় লাগিছিল যদিও কামৰ নিচাত জয় কৰিছিলো আপদ-বিপদৰ আশংকা।

 দহ যোৰমান যঁজা গোটোৱাৰ পাছত এটা সমস্যাৰ মুখামুখি হ’লো। সাধাৰণ অভিজ্ঞতাৰ পৰাই আমি ক’ব পাৰো যে সকলো যঁজা দেখাত হুবহু একে নহয়। সাধাৰণ প্ৰাকৃতিক নিয়মমতে মাতৃ গৰ্ভত ভ্ৰূণটো স্থাপিত হোৱাৰ পাছত কোষ বিভাজন হৈ হৈ এটি পূৰ্ণাংগ শিশুলৈ ৰূপান্তৰিত হয়। কেতিয়াবা প্ৰকৃতিৰ খেয়ালত কোষ বিভাজনৰ প্ৰথমাৱস্থাত কোষটো (বা কোষবোৰ) দ্বিখণ্ডিত হৈ দুটা ভ্ৰূণ হয়। এটা শিশু হ’বলৈ জীৱন আৰম্ভ কৰা ভ্ৰূণটো ভাগি দুটা হোৱাত এটাৰ সলনি দুটা শিশু হয়। এওঁলোক দেখাত একে, লিংগও একে আৰু দুয়ো বহন কৰে হুবহু একে ধৰ্মী জিন বা ডি এন এ। এওঁলোকক কোৱা হয় Monozygotic যঁজা (MZ)। আনবিধ যঁজা সাধাৰণ ভাই-ভনীৰ তুল্য। মাতৃগৰ্ভত দুটা ভ্ৰূণে একে সময়তে স্থিতি লাভ কৰা বাবে দুটা শিশুৰ জন্ম হয়। এওঁলোকৰ দুয়োটা ল’ৰা বা দুয়োজনী ছোৱালী অথবা এজনী ছোৱালী এটা ল’ৰা হ'ব পাৰে। এওঁলোকক কোৱা হয় Dyzygotic

যঁজা (DZ)।

১৯২/ জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি