পৃষ্ঠা:জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি.pdf/১৩৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

যোগ দিছিল।

 যুৱ কংগ্ৰেছৰ সদস্য হৈ দেশৰ বা সমাজৰ বাবে লেখত ল’বলগীয়া একো কৰা নাছিলো যদিও নিজৰ জীৱনত স্মৰণীয় দুটা অভিজ্ঞতা আৰ্জিলো। ১৯৫৭ চনত অমৃতচৰত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ অধিৱেশনত যোগদান কৰিবলৈ অসমৰ পৰা যোৱা দলটোৰ লগত যোৱাৰ সুযোগ ঘটিছিল। শৰৎ দাৰ নেতৃত্বত গোৱালপাৰা জিলাৰ পৰা যোৱা আমাৰ দলটো ফকিৰাগ্ৰাম ষ্টেচনৰ পৰা অসমৰ ঘাই দলটোৰ লগত একেখন ট্ৰেইনত গৈছিলো। সেই দলত আন অনেকৰ সৈতে আছিল ৰেণুকা দেৱী (পাছলৈ বৰকটকী), গোপীনাথ বৰদলৈৰ জীয়ৰী লিলি, তৰু বাইদেউ (দত্ত) আৰু স্মৃতিয়ে যদি বিশ্বাসঘাতকতা কৰা নাই মহেন্দ্ৰ মোহন চৌধুৰী। আমাৰ দলটোত শৰৎ দা আৰু ডালিম মেধি (সম্পৰ্কত আমাৰ আতা, যদিও তেওঁ ডেকাই আছিল) থকা বাবে মই যোৱাত মায়ে আপত্তি কৰা নাছিল। তদুপৰি সুৰমাও আছিল আমাৰ দলত।

 সেইবাৰেই প্ৰথম গৈছিলো উত্তৰ ভাৰতলৈ। শৰৎ সিংহ কেৱল ৰাজনীতিবিদেই নহয়, তেওঁ এগৰাকী সফল শিক্ষকো। ওৰে বাটটো তেওঁ বিভিন্ন ৰাজ্যৰ মাজেৰে যাওঁতে সেই অঞ্চলৰ সমাজ ব্যৱস্থা, ব্যক্তিৰ বিশেষত্ব, ঘৰ-দুৱাৰৰ নিৰ্মাণ শৈলী, খাদ্যাভ্যাস ইত্যাদি যাৱতীয় খা-খবৰ দি গৈছিল। অমৃতচৰ কংগ্ৰেছত জৱাহৰলাল নেহৰু, গোবিন্দ বল্লভ পন্থ, ইন্দিৰা গান্ধী প্ৰমুখ্যে তেতিয়ালৈ নাম শুনি থকা নেতা-নেত্ৰীসকলৰ ওচৰলৈ লৈ গৈছিল অটোগ্ৰাফ ল’বৰ বাবে। ইতিমধ্যে আমিও স্মাৰ্ট হ’লো। নিজেই চিনাকি হৈছিলো বঙালী কেইগৰাকীমান সাংবাদিকৰ লগত। এগৰাকীৰ লগত গৈছিলো বিজয়লক্ষ্মী পণ্ডিতৰ ওচৰলৈ। সাংবাদিকগৰাকীয়ে সাক্ষাৎকাৰ লোৱাৰ সময়ত আমি অদূৰত বহি বিজয়লক্ষ্মীৰ ৰূপ দৰ্শন কৰি আছিলো মূৰৰ পৰা ভৰিলৈ। গোবিন্দ বল্লভ পন্থৰ অটোগ্ৰাফ লোৱাৰ সময়ত তেওঁৰ সৰ্বশৰীৰ কঁপি থকা দেখি নিজকে দোষী যেন লাগিছিল, মানুহজনক অবাবতে কষ্ট দিয়া বাবে। শৰৎ দাই পাছত কৈছিল যে স্বাধীনতা যুদ্ধৰ সময়ত অহিংস সমদল এটাক ব্ৰিটিছ চৰকাৰৰ অশ্বাৰোহী বাহিনীয়ে দিগ্বিদিক জ্ঞানশূন্য হৈ হাণ্টাৰেৰে কোবোৱাৰ ফলত পন্থজীৰ স্নায়ুতন্ত্ৰটো বিকল হৈ গৈছিল। ঘৰলৈ উভতি অহাৰ পাছত অনেক নেতা-নেত্ৰীৰ অটোগ্ৰাফেৰে ধন্য হোৱা মোৰ সেই অমূল্য বহীখন কোনোবাই চুৰ কৰি নিলে।

 কংগ্ৰেছ অধিৱেশন সমাপ্ত হোৱাৰ পাছত শৰৎ দাই আমাক লৈ গৈছিল স্বৰ্ণমন্দিৰলৈ আৰু ঐতিহাসিক জালিয়ানৱালা বাগ হত্যাকাণ্ডৰ সংৰক্ষিত ঘটনাস্থলীলৈ। কেউফালে প্ৰাচীৰ বেষ্টিত জালিয়ানৱালা বাগত সোমাবলৈ আছে ঠেক এটা কৰিড’ৰ। ব্ৰিটিছে বলৱৎ কৰা কিছুমান আইনৰ বিৰোধিতা কৰিবলৈ কংগ্ৰেছ দলে তাত সভা এখন পাতিছিল। চনটো আছিল ১৯১৯। ভাৰতীয় মানুহক এসেকা দিবলৈ কৰিড’ৰত উপস্থিত হৈছিল কৰ্ণেল ডায়াৰ। তেওঁৰ আদেশত গৰজি উঠিছিল মেচিনগান। সভাত উপস্থিত নিৰীহ ৰাইজে পলাবলৈ বাট বিচাৰি নাপালে। কিছুমানে কিংকৰ্তব্যবিমূঢ় হৈ কাষত থকা নাদ এটাত জপিয়াই আত্মৰক্ষা কৰিবলৈ চেষ্টা কৰিছিল। ভাৰতীয়ৰ তেজেৰে সিদিনা ৰাঙলী হৈছিল জালিয়ানৱালা বাগ। এই ঘটনাৰ প্ৰতিবাদত ব্ৰিটিছপ্ৰদত্ত ‘নাইট’ উপাধি ৰবীন্দ্ৰনাথ ঠাকুৰে

জীৱনৰ জোৱাৰ-ভাটাৰ মাজেদি /১৩৫