পৃষ্ঠা:জীবস্তূতি.djvu/১৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৬)

শৰীৰ নিঃশক্ত যেবে বল ভৈলা হত।
পৰৰ ধনক দেখি গুণয় মনত॥
অমুকাৰ বস্তু মই পাওঁ কোন মতে।
এহি মতে বাঞ্চা কৰি থাকয় সততে॥
কুটুম্বক পুষিবাক সমৰ্থ নহয়।
ভাগ্যহীন সকলে। উদ্যম হয় ক্ষয়॥
বোহাৰী জীয়াৰীগণ যতেক আছয়।
খুজিলেও পানী টুপি ভাবুকি মাৰয়॥
ভাল মুখে তাক আৰু কেহো নমাতয়।
খুজিবাৰ বস্তুক ভয়তে নোখোজয়॥
পূৰ্ব্বহন্তে কেহো তাক নকৰে আদৰ।
দ্ৰব্য খানি খুজিলেও নেদন্ত উত্তৰ॥
যেন বৃদ্ধ বলধক নেদে ঘাস পানী।
সেহিমতে তাহাক নচাৱে কোন প্ৰাণী॥
যাক পুছিবেক সেই কৰে অনাদৰ।
সেতোৰা সোতোৰী ভৈলে অঙ্গ নিৰন্তৰ॥
কুকুৰক বাঁৰী যেন ভাতক যে দিয়া।
মৰি নেযা বুঢ়া বোলে চক্ষু পকাইয়া॥
অবজ্ঞা কৰিয়া দেই তবু তাকে খাই।
ব্যাধি পীড়ে অল্প অগ্নি জীৰ্ণক নযাই॥