পৃষ্ঠা:জীবস্তূতি.djvu/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৫)

ঈশ্বৰ মায়ায় হোৱয় বিমোহিত।
সুমঙ্গল ৰহিত সাধু সেৱা বিৰহিত॥
ঈশ্বৰক নজানয় দুখে আৰ্ত্তহয়।
পুত্ৰ ভাৰ্য্যা বন্ধুগণ যতেক থাকয়॥
আতে বহু দুখ কৰি হৃদয় অপাৰ।
আপোনাক সুখী বুলি মানে দুৰাচাৰ॥
কুটুম্ব পোযয় দুখে সৰ্ব্ব অঙ্গ দহে।
নিৰন্তৰে পাতক কৰিয়া মাত্ৰ ৰহে॥
ৰহস্য থানত নাৰী আলাপে মগন।
শুনয় শিশুৰ আৰু মধুৰ বচন।
সেহি আক্ৰমিয়া আনে সব ইন্দ্ৰিয়ক।
পৰম অতীন্দ্ৰি হুয়া পাৱয় মোহক॥
দুখৰ কৰয় প্ৰতিকাৰ ক্ষণে ক্ষণে।
আপোনাক পাছে সিটো মনে সুখী যেনে॥
চুৰি কৰি ডকা দিয়া অৰ্থক আনয়।
সেহি ধনে ভাৰ্য্যা পুত্ৰ কুটম্ব পোযয়॥
যেবে সবে খাইলে পাছে ভোজন কৰয়।
নৰহিলে সেহিমতে লঘোনে থাকয়॥
সেবে সবে ধন জন অৰ্থ হৈল ছন্ন।
নানা হিংসা কৰি পুনু কৰয় অৰ্জ্জন॥