পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৯৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪

 শিৱথান, শনিথান, হৰিমন্দিৰ
 আৰু স্কুল। আনকি
 কাৰো ঘৰৰ মোৰ।
 একেই নামৰ নামফলি।
মোৰ পদূলিয়ে নাম পালে ‘গেট’।
আলিটোৱে নাম পালে ‘ষ্ট্ৰীট’
ষ্ট্ৰীটৰ কাষত ‘লেন’
মোৰ সধবা পত্নীৰ কপালৰ সেন্দুৰ
ৰঙীন ‘বিন্দী’ৰ আগত হাৰমনা বাঘ
 সুন্দৰপাৰাই নাম ল’লে ৰাজীৱ নগৰ।
 এতিয়া মোৰ নামৰ লগত
 মাৰ্ফত মোৰ পুত্ৰৰ নাম আৰু
 ‘হাউচ নম্বৰ বত্ৰিছ বাই টু’,
 গণপতি মন্দিৰ পথ,
 ‘বাইলেন টু’, নিয়াৰ জনসেৱা সংঘ,
 নহ'লে সংযোগ, ঘূৰি যায় চিঠি
 লিখি ‘নট এভেইলেৱল’।
 এতিয়া মোৰ পৰিচয়
 ঠিকনা নামৰ এটা নতুন কবিতাত।