পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

জলকীয়াৰ পুনৰ্জীৱন অভিযান

(১)

ঘটনাটো মানুহৰ হোৱা হ'লে, মানৱীয় চিন্তাধাৰাই বিষয়টো সমাজৰ প্ৰচলিত ৰীতি- নীতিমতে আগুৱাই নিলেহেঁতেন। ধৰিলোৱা হ'ল- দিবাকৰ নামৰ যুৱক এজনে বিয়া কৰালে এটা সম্ভ্ৰান্ত পৰিয়ালত। ছোৱালীও উচ্চ শিক্ষিতা, দেখিবলৈ ধুনীয়া কামে-বনেও ভাল, মিষ্ট ভাষী। আনহাতে ছোৱালীৰ মাক-বাপেকেও উচ্চ শিক্ষিত, সম্ভ্ৰান্ত আৰু সংস্কৃতিৱান। এটা সুস্থ পৰিৱেশত পৰিচালিত পৰিয়াল। সেই পৰিয়ালৰে ছোৱালী ৰীতা - যাক উচ্চ শিক্ষিত, সুচাকৰিয়াল দিবাকৰে বিয়া কৰাই আনিলে। দিবাকৰ আৰু তাৰ পৰিয়ালৰ আদৰ-যত্ন, মৰম-চেনেহে ৰীতাকো বেচ সুখী কৰি তুলিছিল। কিন্তু কালৰ কুটীল দৃষ্টি কাৰ ওপৰত কেতিয়া কেনেদৰে পৰে কোনে জানে? বিয়াৰ বহুবছৰ পিছতো ৰীতাই এটা সন্তান জন্ম দিব নোৱাৰিলে। প্ৰশ্ন হ’ল - ৰীতাই জন্ম দিব নোৱাৰিলে নে দিবাকৰে জন্ম দিয়াব নোৱাৰিলে?

 সাধাৰণতে ছোৱালীকে দোষ জাপি দিয়া আৰু আনৰ দোষ-গুণৰ প্ৰতি প্ৰায়ে নজৰ কৰি থকা মানৱ সমাজৰ উচ্চ চিন্তাৰ পৰিপ্ৰেক্ষিতত পোনচাটেই ৰীতালৈ আঙুলি যাবই! কোনোৱে ক'ব, “ৰীতা আগৰেপৰা ৰুগীয়া, আগতেই শৰীৰৰ বহু অত্যাচাৰ কৰি অহা ছোৱালী; ৰীতাৰ বংশটোৱে ভাল নহয় - ল’ৰাক ঠগিলে। তাই কুলক্ষণীয়া; তাই ঘৰ সোমোৱাৰপৰাই দিবাকৰৰ পৰিয়ালত অশান্তি সোমাল” - ইত্যাদি।

 বিপৰীতে ৰীতাৰ পৰিয়ালৰ ফালৰপৰাও কোৱা হ’ব - “দিবাকৰ পুৰুষত্বহীন; সি ছোৱালীৰ জীৱন ধ্বংস কৰিলে। তাইৰ ওপৰততো কম অত্যাচাৰ নকৰে! যৌতুকৰ আশাত ছোৱালীক ঔষধ খুৱাই বন্ধ্যা কৰি লৈ এতিয়া বদনাম দি তাইক ত্যাগ কৰাৰ চলনা কৰিছে”...ইত্যাদি।

 জগতৰ সৰ্বশ্ৰেষ্ঠ প্ৰাণী হিচাপে মানুহে আনৰ সামান্য দোষ দেখিলেই নিজা নিজা সিদ্ধান্ত লোৱাৰ গৌৰৱ কৰিব পাৰে। অন্য প্ৰাণী আৰু গছ-গছনিয়ে নোৱাৰে; কাৰণ সিহঁত বাকৰুদ্ধ, চিন্তা কৰিব নোৱাৰে। সিহঁতৰ জীৱনৰ পৰিচালিকা