পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৮২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০

সাক্ষী সংখ্যাৰ অৰ্দ্ধেক যোগ পদকীয়া
যোগ এবছৰীয়া সিদ্ধান্ত, সমান সাতবছৰ।
বিচাৰৰো উৰ্দ্ধত স্থিত সুবিচাৰৰ বাবে
এয়া প্ৰয়োজনীয় বিচাৰৰ সীমা।
আদালতত বিচাৰ
সেয়ে নিমাত আলোচনা
বাতৰিটো উৰিছিল শুকান বিলমুখী
বগলিৰ দৰে।
ওলাল ৰায় আদালতৰ
সাক্ষী প্ৰমাণৰ কিছু অংশ
সপক্ষে পদকীয়াৰ - সেয়ে মুক্ত।
বাতৰিটো উৰিছিল দেহত পাখি লগাই
গাঁতৰ পৰা উৰা মৰা
উঁই পৰুৰ দৰে।