পৃষ্ঠা:জলকীয়াৰ পুনৰ্জীৱন অভিযান আৰু অন্যান্য.pdf/৮০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৮

বিলৰ আকাশত শত ৰঙা চিলনীৰ
নিম্নমুখী লোলুপ দৃষ্টিৰ স’তে চিঁচিয়নী; আৰু
পাৰত ভৰা জোলোঙা লৈ
হাৰগিলাৰ তন্ময়তা, কাষতে
বগা হবগলিৰ এঠেঙীয়া নিদ্ৰা
মৰিশালিত ৰাজ শগুণৰ অপেক্ষাত
মৰাশ প্ৰতিমাত ধ্যানমগ্ন
ভক্ত শগুণৰ সভা,
দেখিছিলানে বাৰু গৰু মেলি থোৱা
গৰখীয়াহালৰ মাছ-বৰালিৰে
নিৰ্মম আনন্দৰ যুঁজ?
আম, কঠাল, পনিয়ল, ৰবাব নেমুৰ
ভাৰোত্তলনত অভ্যস্ত
বাৰীজনী হ’ল কিন্তু বন্ধ্যা।
এতিয়া বাস্তৱৰ সপোন অন্বেষণ,
এতিয়া সত্যৰ জন্ম নিয়ন্ত্ৰণ,
এতিয়া পৃথিৱী বন্ধ্যা,
এতিয়া বিশ্বাসৰ নাম সন্দেহ,
এতিয়া ইতিহাসৰ নাম সাধুকথা,
বুঢ়ী আইজনী বাৰু ক'লৈ গ'ল।